Banned polythene smuggling: নিষিদ্ধ পলিথিনৰ ৰমৰমীয়া বেহা; জব্দ পলিথিন ভৰ্তি বাহন

By

Published : Jun 1, 2023, 6:19 PM IST

thumbnail

তিনিচুকীয়া, ১ জুন: তিনিচুকীয়াত প্ৰতিদিনেই নিষিদ্ধ পলিথিনৰ ৰমৰমীয়া বেহা অব্যাহত আছে ৷ এটা শক্তিশালী চক্ৰৰ নেতৃত্বত বিভিন্ন পক্ষক মেনেজ কৰি সৰবৰাহ কৰি আছে পলিথিন (Banned polythene smuggling)৷ কেৱল তিনিচুকীয়াতে নহয় জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠানত এতিয়া সহজলভ্য হৈ পৰিছে নিষিদ্ধ পলিথিন (Polythene loaded truck seized ) ৷  

বুধবাৰে মৰাণৰ পৰা ৰাজগড় হৈ এছ৩৩ চি০৮২৯ নম্বৰৰ এখন টাটা য়োদ্ধা বাহনত নিষিদ্ধ পলিথিন আনি থকা অৱস্থাতেই  ন-পুখুৰী জ্যোতিনগৰত বাহনখন জব্দ কৰে তিনিচুকীয়া আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত পলিথিন ভৰ্তি বাহনখন জব্দ কৰি ন-পুখুৰী আৰক্ষী চকীলৈ যায় আৰু তদন্ত আৰম্ভ কৰে ৷ 

বৃহস্পতিবাৰে উক্ত পলিথিন ভৰ্তি বাহনখন তিনিচুকীয়া আৰক্ষীয়ে পৌৰসভাক চমজাই দিয়ে বুলি জানিবলৈ দিয়ে ন-পুখুৰী আৰক্ষীয়ে ৷ এই সন্দৰ্ভত তিনিচুকীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া মঞ্জিত দলেই জানিব দিয়া অনুসৰি পলিথিনখিনি বৰ্তমান তিনিচুকীয়া পৌৰসভাৰ গুদামত আৱদ্ধ কৰি ৰখাৰ লগতে পলিথিনখিনি নিষিদ্ধ হয় নে নহয় সেই সন্দৰ্ভত পৰীক্ষা কৰিবলৈ ডিব্ৰুগড়স্থিত প্ৰদূষণ বিভাগৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হ’ব ৷ পৰৱৰ্তী সময়ত যদি পলিথিনখিনি নিষিদ্ধ বুলি প্ৰমাণ হয় তেন্তে কোনোবা স্থানত নষ্ট কৰা হ’ব আৰু যদি ব্যৱহাৰৰ অনুমতি থকা হয় তেন্তে ঘূৰাই দিয়া হ’ব বুলি জনায় ৷ 

লগতে পঢ়ক: Shooting case at Barpeta Road : বৰপেটাৰোডৰ CSP কেন্দ্ৰত গুলী ফুটাই ধন লুটৰ চেষ্টা দুই যুৱকৰ, আটক এজন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.