Rape case in Karbi Anglong : মাঞ্জাত কিশোৰী ধৰ্ষণত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত থানা ঘেৰাও
🎬 Watch Now: Feature Video
ডিফু, ২৫ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উৎসৱৰ মাজতে কাৰ্বি আংলং জিলাৰ মাঞ্জাত এক ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । দুৰ্গা পূজাৰ নৱমীৰ নিশা মাঞ্জাত এটা নৰপিশাচৰ ধৰ্ষণৰ বলি হয় এগৰাকী কিশোৰী । উত্থাপিত অভিযোগ অনুসৰি, নৱমীৰ নিশা মাঞ্জাৰ মনু আলী নামৰ নৰপিশাচটোৱে কিশোৰীগৰাকীক পূজাস্থলীৰ পৰা নি ধৰ্ষণ কৰি নৈৰ পাৰত পেলাই থৈ যায় । ধৰ্ষণত অভিযুক্ত মনু আলীক উক্ত নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
আনহাতে,যোৱানিশা কিশোৰীগৰাকীৰ পিতৃয়ে এই সন্দৰ্ভত মাঞ্জা থানাত এজাহাৰ দাখিল কৰে । উক্ত ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে আজি মাঞ্জাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ধৰ্ষণত অভিযুক্তক ৰাইজৰ হাতত গতাই দিয়াৰ দাবীত মাঞ্জা থানাৰ সন্মুখত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰে । উত্তেজিত লোকে মনু আলীৰ ঘৰৰ লগতে আন তিনিটা ঘৰৰ বস্তু বাহানি ভাঙি লণ্ড-ভণ্ড কৰে । অৱশ্যে, আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় ।
লগতে পঢ়ক:Durga Idol Immersion: বিজয়া দশমীৰ দিনটোত অসম-বাংলাদেশ সীমান্তত সম্প্ৰীতিৰ বিৰল দৃশ্য