৩১ টাকৈ কুকুৰে চিন্তাত পেলাইছে বোকাখাত আৰক্ষীক - Dogs seized at Bokakhat

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 16, 2022, 1:41 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

ৰাজ্যত অব্যাহত আছে বিভিন্ন জীৱ-জন্তুৰ অবৈধ সৰবৰাহ । গৰু, বন্য জন্তুকে ধৰি এইবাৰ ৰাজ্যখনৰ কুকুৰৰ চোৰাং সৰবৰাহকাৰী সক্ৰিয় হৈ উঠিছে (Dog smuggling in Assam)। অসমৰ পৰা বহিঃৰাজ্যলৈ কুকুৰ সৰবৰাহৰ কৰিবলৈ লোৱাৰ সময়তে এইবাৰ গোলাঘাট জিলাৰ বোকাখাতত জব্দ ৩১ টাকৈ কুকুৰ (31 smuggled dogs seized)। বোকাখাত আৰক্ষীয়ে ৰাজপথৰ সমীপৰ পৰা উদ্ধাৰ কৰে থলুৱাজাতৰ কুকুৰকেইটা । অতি নিৰ্মমভাৱে ঠেং আৰু মুখ বান্ধি বস্তাত ভৰাই থোৱা অৱস্থাত কুৰুৱাবাহীৰ পৰা উদ্ধাৰ হয় কুকুৰকেইটা । আৰক্ষীৰ সন্দেহ কোনো দুষ্টচক্ৰই কুকুৰকেইটা আনিছিল কিন্তু কুকুৰকেইটা অনা বাহনখন বেয়া হোৱাত তেনেদৰে ৰাজপথৰ দাঁতিত পেলাই থৈ দুষ্টচক্ৰটোৱে পলায়ন কৰে । এই ঘটনাত কোনো লোকক এতিয়ালৈ আটক কৰা হোৱা নাই যদিও সৰবৰাহকাৰী চক্ৰটোক আটক কৰাৰ বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । ইফালে কুকুৰকেইটা ক'ত, কেনেকৈ ৰাখিব তাক লৈ বিপাঙত পৰিছে বোকাখাত আৰক্ষী ।
Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.