Suicide in Guwahati: আত্মহত্যা কৰি খোজা যুৱকৰ প্ৰাণ ৰক্ষা; সাহসী আৰক্ষী জোৱানলৈ দহ হাজাৰ টকাৰ পুৰস্কাৰ

By

Published : Apr 28, 2023, 10:32 PM IST

thumbnail

গুৱাহাটী, ২৮ এপ্ৰিল: ভগৱানৰ ৰূপ লৈ আহিল এজন আৰক্ষী বিষয়া । জীৱনক লৈ চৰম সিদ্ধান্তত উপনীত হোৱা এজন যুৱকৰ বাবে আশীৰ্বাদ হৈ আহিল এইজন আৰক্ষী জোৱান ৷ শৰাইঘাটৰ নতুন দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জঁপিয়াই আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল এজন যুৱকে ৷ পৰো পৰো হওঁতেই থাপ মাৰি ধৰিলে আৰক্ষী জোৱানজনে (Suicide in Guwahati) ৷

দলঙৰ পৰা জঁপিয়াবলৈ ৰৈ থকা যুৱজনৰ পিচফালে অসংখ্য মানুহ, কিন্তু কাৰো সাহস নাই আগবাঢ়ি যাবলৈ ৷ বচাবলৈ যোৱাৰ আগতেই আৰক্ষী বিষয়াজনে ৰিভাৰ নাৱলৈ ফোন কৰি সমস্ত ঘটনাৰ বিৱৰণ দিয়ে ৷ সময়মতে নাও উপস্থিত হয়গৈ সেই স্থানত ৷ ৰেলিঙৰ পাৰত উপস্থিত ৰাইজৰ সহযোগত আৰক্ষী জোৱানজনে প্ৰাণ ৰক্ষা কৰিলে যুৱকজনৰ (Guwahati suicide news) ৷

শুকুৰবাৰৰ দুপৰীয়াৰ ঘটনা এইয়া । খবৰ পোৱাৰ পিচতে ভগৱানৰ ৰূপত সেই স্থানত উপস্থিত হোৱা আৰক্ষী জোৱানজন হ’ল লংকেশ্বৰ কলিতা । লংকেশ্বৰ কলিতাই সাহসিকতা আৰু বুদ্ধিমত্তাৰে অতি কৌশলেৰে শৰাইঘাটৰ ৰেলিং বগাই হাজো আদাবাৰীৰ পৰা শৰাইঘাটলৈ আত্মহত্যা কৰিবলৈ অহি দলঙত ওলমি থকা জাকিৰ হুছেইন নামৰ এজন যুৱকজনক উদ্ধাৰ কৰে । আৰক্ষী জোৱানজনৰ এই সাহসিকতাক সকলোৱে একেমুখে প্ৰশংসা কৰিছে । লংকেশ্বৰ কলিতাৰ এই সাহসিকতাৰ বাবে ১০ হাজাৰ টকাৰ পুৰষ্কাৰ আগবঢ়ালে মহানগৰ আৰক্ষী আয়ুক্তই ।

লগতে পঢ়ক : Andhra suicide case: পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাচতেই অন্ধ্ৰপ্ৰদেশত ৯ গৰাকী শিক্ষাৰ্থীৰ আত্মহত্যা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.