Cattle smuggling: আৰক্ষীৰ অভিযানত উদ্ধাৰ 70 টাকৈ গৰু - অবৈধ বেহা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 13, 2023, 9:01 PM IST

লখিমপুৰ, 13 জুলাই: লখিমপুৰ জিলাত আৰক্ষী বাহিনীয়ে অবৈধ বেহাৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলাই আছে যদিও এতিয়াও একাংশই আৰক্ষীৰ ভাবুকিলৈ কেৰেপ কৰা নাই ৷ আৰক্ষীৰ অভিযানৰ বিপৰীতে তেওঁলোকে নিতৌ ন ন কৌশলেৰে ড্ৰাগছ, গো-ধন আদি সৰবৰাহৰ অব্যাহত ৰাখিছে ৷ 

বৃহস্পতিবাৰে চোৰাংভাৱে সৰবৰাহ কৰিবলৈ চেষ্টা কৰা অৰ্ধ শতাধিক গৰু আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জিলাখনৰ পাভ সংৰক্ষিত বনাঞ্চলৰ দুৰ্গম অঞ্চল দুইমুখত বৃহৎ অভিযান চলাই আৰক্ষীয়ে এক বৃহৎ গৰুৰ জাক সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷  

আৰক্ষীয়ে এই অভিযানত 70 টাৰো অধিক গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷  এক গোপন সূত্ৰৰ পম খেদি প্ৰায় চাৰি ঘণ্টা ধৰি চলা অভিযানৰ অন্তত আৰক্ষীয়ে উদ্ধাৰ কৰে এই গৰুসমূহ ৷ অৱশ্যে আৰক্ষীয়ে গৰুকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হ’লেও দুৰ্গম অঞ্চলটোৰ পৰা সুযোগ লৈ পলাই সাৰে কেইবাটাও গৰু সৰবৰাহকাৰী ৷  

উল্লেখ্য যে, গো-মাফিয়া চক্ৰটোৱে ভুটভুটি নাৱেৰে নদীৰ পথেৰে গোলাঘাট, নাগালেণ্ডলৈ গোপনে সৰবৰাহ কৰি আহিছিল গৰুসমূহ ৷ 

লগতে পঢ়ক: Rail Official Arrested: লামডিঙত ৰে’লৱে ভিজিলেঞ্চৰ অভিযান; হাতে-লোটে আটক ৰে’লৱে কৰ্মচাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.