Lat Mandal arrested by Anti Corruption Branch : উৎকোচলৈ গ্ৰেপ্তাৰ লাট মণ্ডল দেৱাশীষ বৰ্মনৰ ঘৰত আৰক্ষীৰ তালাচী

By

Published : Aug 17, 2023, 7:56 PM IST

thumbnail

বৰপেটাৰোড, 17 আগষ্ট : টিহু ৰাজহ চক্ৰৰ লাট মণ্ডল দেৱাশীষ বৰ্মনে বৃহস্পতিবাৰে উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পাছত দেৱাশীষ বৰ্মনৰ বাসগৃহত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ বাক্সাৰ শালবাৰী মহকুমা আৰক্ষী বিষয়া নিলোৎপল শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বৰপেটাৰোডৰ সমীপৰ জাখলিবিল পথাৰস্থিত লাট মণ্ডল দেৱাশীষ বৰ্মনৰ বাসগৃহৰ কোঠাই কোঠাই তন্ন তন্নকৈ তালাচী চলায় ৷  

আৰক্ষীৰ তালাচী অভিযানৰ সময়ত সাংবাদিকৰ প্ৰৱেশতো বাধা দিয়ে আৰক্ষীৰ দলটিয়ে ৷ আৰক্ষীৰ তালাচীত কি তথ্য লাভ কৰিলে সেয়া সংবাদ মাধ্যমৰ আগত বৰ্তমানলৈ সদৰী কৰা নাই অভিযানকাৰী দলটোৱে ৷ 

লগতে পঢ়ক : Anti Corruption unit raid: এইবাৰ হাত দাঙিলে হাফলং লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.