Mob lynching in Bilasipara: বিলাসীপাৰাৰ গণপ্ৰহাৰৰ ঘটনাক লৈ তৎপৰ আৰক্ষী - Mob lynching in Bilashipara
🎬 Watch Now: Feature Video


Published : Sep 26, 2023, 8:00 PM IST
বিলাসীপাৰা,২৬ ছেপ্টেম্বৰ: বিলাসীপাৰাত মৰেল পুলিচিঙৰ ঘটনাৰ বাতৰি বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ পিছতেই ধুবুৰী আৰক্ষীৰ ব্যাপক তৎপৰ দেখিবলৈ পোৱা যায় । বিলাসীপাৰা মহকুমাৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত যমদুৱাৰ ২য় খণ্ড গাঁৱত সোমবাৰে নিশা চোৰৰ সন্দেহত একাংশ ৰাইজে এজন যুৱকক দুই হাত বান্ধি কৰিছিল নিৰ্মম প্ৰহাৰ । উক্ত মৰেল পুলিচিঙৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
চোৰ সন্দেহত যুৱকজনক দুই হাত বান্ধি অতি নিৰ্মম ভাৱে মাৰপিট কৰা ঘটনাক ধিক্কাৰ জনাইছে বিভিন্ন দল-সংগঠনে । উক্ত ঘটনা সন্দৰ্ভত ইতিমধ্যে বিলাসীপাৰা আৰু শালকোচা আৰক্ষীৰ দল উপস্থিত হৈ আইন হাতত তুলি লোৱা মৰেল পুলিচিংৰ ঘটনা সংঘটিত কৰা আটাইকেইজন ব্যক্তিৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে । প্ৰাপ্ত তথ্য অনুসৰি গণপ্ৰহাৰৰ বলি হোৱা যুৱকজন বামুনপাৰা ৪ৰ্থ খণ্ড গাঁৱৰ ছায়েৰ আলী বুলি জানিব পৰা গৈছে । ছায়েৰ আলীৰ লগতে আন কেইবাজনো যুৱকে গৌৰাং নৈত মাছ মাৰিবলৈ গৈছিল । ছায়েৰ আলীৰ অৱস্থা অতি শোচনীয় বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: Mob lynching in Bilasipara: বিলাসীপাৰাত মৰেল পুলিচিঙৰ ঘটনা