Cattle Smuggling in Assam: ক্ষেত্ৰীত 37 টা গৰুসহ দুই সৰবৰাহকাৰী আটক - Khetri police have seized 37 smuggled cows

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 8:08 AM IST

গুৱাহাটী, 26 ছেপ্টেম্বৰ: ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ ন ন কৌশলেৰে চোৰাংকৈ গৰু সৰবৰাহ কৰি আছে একাংশ সৰবৰাহকাৰীয়ে ৷ কিন্তু গো সৰবৰাহকাৰী যদি ডালে ডালে আৰক্ষীও পাতে পাতে ৷ ক্ষেত্ৰীত আৰক্ষীয়ে গৰু সৰবৰাহৰ বিৰুদ্ধে লাভ কৰিছে বৃহৎ সফলতা ৷ গোপন খবৰৰ ভিত্তিত অভিযান চালাই মঙলবাৰে প্ৰায় 37 টা গৰু জব্দ কৰে ক্ষেত্ৰী আৰক্ষীয়ে ৷ 

ঘটনা অনুসৰি চিলাপথাৰৰ পৰা মেঘালয়ৰ বৰ্ণিহাটৰ বজাৰ অভিমুখী AS 01 FC 4813 নম্বৰৰ এখন ট্ৰাকত আনিছিল প্ৰায় 37 টাকৈ গৰু । তেনে সময়তে গোপন সূত্ৰৰ পম খেদি ক্ষেত্ৰী খালৈবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই ক্ষেত্ৰী আৰক্ষীয়ে ৷ সেই সময়তে আৰক্ষীৰ উপস্থিতিৰ ওমান পাই গো-ভৰ্তি ট্ৰাক ৰখাই পলাবলৈ চেষ্টা কৰে চালক-হেণ্ডিমেনে ৷ এই কথা জানিবলৈ দিছে আৰক্ষীয়ে ৷

কিন্তু আৰক্ষীয়ে খেদি খেদি কৰায়ত্ব কৰে ট্ৰাক চালক আৰু হেণ্ডিমানক ৷ আটকাধীন লোক কেইটা হ’ল চালক আমিনুল ইচলাম আৰু হেণ্ডিমেন ৰাসিদুল উদ্দিন ৷ দুয়োজনৰে ঘৰ  বৰপেটাত বুলি জানিব পৰা গৈছে ৷ যি সময়ত ৰাজ্য চৰকাৰে গো-সংৰক্ষণ আৰু চোৰাং গো-সৰবৰাহ ৰোধৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিছে তাৰ পিচতো অব্যাহত আছে এই দৰে চোৰাংকৈ গো-সৰবৰাহ ৷

লগতে পঢ়ক :Youth Attempts suicide: প্ৰেমজনিত কাৰণত যুৱকৰ আত্মহত্যাৰ সন্দেহ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.