Poison in Well : পানীখোৱা খালত বিহ ! তেজপুৰত ভয়ংকৰ ঘটনা - tezpur well water poisonous
🎬 Watch Now: Feature Video
তেজপুৰ, ৪ জুলাই : শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ বাঁহবাৰী মৌজাৰ গৰখীয়া পুখুৰী গাঁৱৰ চাৰিটাকৈ ৰাজহুৱা পানীখোৱা কুঁৱাত কোনো দুৰ্বৃত্তই ঢালিলে কীটনাশক দ্ৰব্য ৷ যাৰ পৰিপ্ৰেক্ষিতত খোৱাপানীৰ অভাৱত ভোগাৰ সম্ভাৱনাই দেখা দিছে স্থানীয় ৰাইজৰ ৷ সোমবাৰে বিয়লি ৰাজহুৱা কুঁৱাকেইটাৰ পৰা স্থানীয় লোকসকলে পানী আনিবলৈ যাওঁতেই পানীখিনিৰ পৰা এটা উৎকট গোন্ধ নিৰ্গত হোৱাত হতচকিত হৈ পৰে স্থানীয় ৰাইজ ৷
লগে লগে ৰাইজে স্থানীয় বেবেজীয়া আৰক্ষীচকীৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হৈ বিষাক্ত দ্ৰব্য মিহলোৱাৰ এক সন্দেহ কৰে ৷ লগে লগে কুঁৱাকেইটাৰ পৰা পানী সেৱনত বাধা আৰোপ কৰি চাৰিটাকৈ কুঁৱা ৰঙাফিটা মাৰি বন্ধ কৰি দিয়ে আৰক্ষীয়ে ৷ বৰ্তমান বিভাগীয় কৰ্তৃপক্ষই কীটনাশক দ্ৰব্য মিহলোৱা কুঁৱাকেইটাৰ পানীৰ নমুনা সংগ্ৰহ কৰি নিয়ে ৷
এই চাৰিটা কুঁৱাৰ পানীৰ নমুনা পৰীক্ষাৰ অন্ততহে জানিব পৰা যাব প্ৰকৃততে এয়া কীটনাশক দ্ৰব্যৰ বাবে হৈছে নে আন কিবা কাৰণত কুঁৱাকেইটাৰ পানীৰ পৰা দুৰ্গন্ধ নিৰ্গত হৈছে ৷ এই সন্দৰ্ভত মন্তব্য আগবঢ়ায় ঢেকীয়াজুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা মধুস্মিতা চলিহা আৰু গাঁও প্ৰধান ৰাজেশ দৈমাৰীয়ে ।
লগতে পঢ়ক :Vice President in Guwahati : গুৱাহাটীত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক উষ্ম আদৰণি