Chirang Encounter update: কি পৰিস্থিতিত সংঘটিত হৈছিল চিৰাঙৰ এনকাউন্টাৰ ! - আৰক্ষীৰ গুলীত নিহত হ’ল চোৰাং চিকাৰী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 14, 2023, 1:19 PM IST

চিৰাং, 14 আগষ্ট: দেওবাৰে চিৰাঙৰ ভাৰত-ভূটান সীমান্তত সংঘটিত এনকাউন্টাৰ সন্দৰ্ভত তথ্য প্ৰকাশ কৰিল চিৰাং জিলা আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাই ৷ নিশা এনকাউন্টাৰ সন্দৰ্ভত আৰক্ষী অধীক্ষকে গৰাকীয়ে কয়, ‘‘কেইদিন মান পূৰ্বে মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰাৰ খবৰ লাভ কৰিছিলো ৷  তাৰ পিচতে চোৰাং চিকাৰীৰ বিৰুদ্ধে আৰক্ষী, বন বিভাগৰ লোক, এছ এছ বি জোৱানে অভিযান আৰম্ভ কৰিছিল ৷ শনিবাৰে আৰক্ষী আৰু বনবিভাগৰ যুটিয়া অভিযানত আটক কৰিছিল তিনিজন ৷ আৰক্ষীয়ে তিনি লোকক সোধপোছ কৰাৰ পাচত গঁড় হত্যা কৰাৰ কথা স্বীকাৰ কৰে তিনিজনীয়া দলটোৱে ৷’’    

তেওঁ আৰু কয়, ‘‘তেওঁলোকে যোৱা এপ্ৰিল বা মে’ মাহত 7 জনীয়া এটা দলে 6 দিন ধৰি বাসৰ পাতি আছিল ৷ 6 নম্বৰ দিনা এটা গঁড় হত্যা কৰি কাটি লৈ গৈছিল খৰ্গটো ৷ তেওঁলোকে কেইবা দিনো ৰখা পাচত অসমৰ বাহিৰত বিক্ৰি কৰিছল খৰ্গটো ৷ সেই গ্ৰুপৰ 3 জনক আটক কৰা হৈছিল ৷ তিনিজনৰ ভিতৰত 2 জন প্ৰত্যক্ষভাৱে জড়িত আছিল গঁড় হত্যাৰ লগত ৷ আটককাধীন তিনিৰ পৰা শনিবাৰে এটা বন্দুক উদ্ধাৰ কৰা হৈছিল ৷ কালি নিশা 7 জনীয়া দলটোৰ বাকী সদস্যাৰ সন্ধানত তিনিটা দলত বিভিক্ত হৈ যুটিয়া অভিযান চলাইছিল ৷ তাৰে এটা দলে নৱেশ্বৰ বসুমতাৰীক লগত লৈ অভিযান চলাইছিল ৷’’

’’দলটোৱে 5 টা বন্দুক লুকুৱাই থোৱা আছে বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছিল বসুমতাৰীয়ে ৷ বন্দুক লুকুৱাই থোৱা সেই স্থান দেখুৱাবলৈ আৰক্ষীক মালিভিটাৰ টকলাই নদীৰ পাৰলৈ লৈ গৈছিল নৱেশ্বৰে ৷ সেই স্থান পোৱাৰ পাচত বন্দুকসমূহ দেখুৱাবলৈ আগবাঢ়ি গৈছিল নৱেশ্বৰে ৷ তেতিয়াই গছৰ গুৰীত লুকুৱাই ৰখা এখন চোকা অস্ত্ৰৰে ধৰি থকা জোৱানজনক আক্ৰমণ কৰে ৷ জোৱান জনৰ হাতত থকা ৰাইফলৰ বাবহে কিছু পৰিমাণে আঘাত হয় ৷ কিন্তু অন্যন আৰক্ষীকো আক্ৰমণ কৰে নৱেশ্বৰে ৷ সেয়ে আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিব লগা হয় ৷’’ 

আনহাতে এনকাউন্টাৰত নিহত গঁড় চিকাৰী নৱেশ্বৰ বসুমতাৰীৰ মৃতদেহ কাজলগাঁও জেএচবি চিকিৎসালয়লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে অনা হয় ৷ এই এনকাউন্টাৰত ৰফিকুল ইচলাম নামৰ এজন আৰক্ষী কনিষ্টবল আহত হৈছে । এনকাউন্টাৰৰ পিচতে টিকাৰাম চাম্প্ৰামাৰী নামৰ আন এজন গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী আৰু বন বিভাগে ।

লগতে পঢ়ক: Chirang encounter: নিস্তব্ধ অৰণ্যত নিশা গুলীৰ গৰ্জন; চোৰাং চিকাৰীৰ হাবিতেই মৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.