Corruption in Panchayat : জোনাইত PMAY আঁচনিত দুৰ্নীতিৰ অভিযোগ

By

Published : Jun 15, 2023, 2:25 PM IST

thumbnail

জোনাই, ১৫ জুন : জোনাইত সামাজিক বননিকৰণৰ ভূমিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নির্মাণক লৈ প্ৰতিক্ৰিয়া মিচিং জাতীয় সংগঠন TMPK ৰ । এটা বা দুটা নহয়, একেটা পৰিয়ালৰ তিনিটাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ অবৈধ আৰু বেদখলেৰে নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে জোনাই ঐৰামঘাটৰ সামাজিক বননিকৰণৰ চৰকাৰী ভূমিত ।

জানিব পৰা মতে, জোনাইৰ মূৰ্কংচেলেক উন্নয়ন খণ্ডৰ অধীনস্থ কেমি জেলেম গাঁও পঞ্চায়তৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ ঐৰামঘাটৰ সামাজিক বননিকৰণৰ ভূমিত অবৈধভাৱে ধীৰেন সোণোৱাল, এলেন সোণোৱাল আৰু জুনটি সোণোৱাল নামৰ একেটা পৰিয়ালৰ তিনিটাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰিছে  ৷ কিন্তু এনে ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নোহোৱাৰ অভিযোগ জোনাই সামাজিক বননিকৰণ বিভাগৰ বিৰুদ্ধে ।

ইফালে ঐৰামঘাটত নিজৰ এডোখৰ ভূমি নথকাকৈ একেটা পৰিয়ালৰে সন্দেহজনকভাৱে তিনিজনকৈ পি.এম.এ.ৱাই গৃহ লাভ কৰি চৰকাৰী ভূমিত অবৈধভাৱে গৃহ নিৰ্মাণ কৰাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টি.এম.পি.কে কেমি জেলেম আঞ্চলিক সমিতিয়ে । একেদৰে অবৈধভাৱে আৰু বেদখলেৰে চৰকাৰী ভূমিত পি.এম.এ.ৱাই গৃহ নির্মাণক শীঘ্ৰে চৰকাৰ তথা সামাজিক বননিকৰণ বিভাগে ব্যৱস্থা গ্ৰহণ কৰি চৰকাৰী ভূমি বেদখল মুক্ত কৰিবলৈ বৃস্পতিবাৰে সংবাদমাধ্যমৰ যোগেদি দাবী জনাইছে টি.এম.পি.কে কেমি-জেলেম আঞ্চলিক সমিতিয়েও ।

লগতে পঢ়ক : Allegation against Agricultural dept: গুদামতেই নষ্ট হ'বলৈ ধৰিছে কৃষকৰ বাবে আবন্টিত সাৰ আৰু বীজ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.