চহৰৰ মাজমজিয়াত ফটোগ্ৰাফাৰক চোকা অস্ত্ৰৰে আঘাত দুৰ্বৃত্তৰ

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 12:26 PM IST

thumbnail

লখিমপুৰ, ১৯ নৱেম্বৰ :  লখিমপুৰ নগৰৰ মাজ মজিয়াত এক জনবহুল এলেকাত শনিবাৰে বিয়লি ভাগত এজন ফটোগ্রাফাৰ আক্ৰমণৰ বলি হ’ব লগা হয় । আক্ৰমণৰ বলি হোৱা ফটোগ্রাফাৰগৰাকী বাবু মুখাৰ্জী বুলি জানিব পৰা গৈছে । তেওঁক কোনো দুৰ্বৃত্তই মূৰত অস্ত্রৰে প্ৰহাৰ কৰে । জানিব পৰা মতে, নগৰৰ নৱ নিৰ্মিত ক্লক টাৱাৰৰ সমীপত ৰৈ থকা অৱস্থাত এজন যুৱকে অতৰ্কিতে বাবুক আক্রমণ কৰে ।

যুৱকজনে বাবুৰ মূৰত কোনো চোকা অস্ত্রৰে একাধিক স্থানত আঘাত কৰে বুলি ভুক্তভোগীগৰাকীয়ে প্ৰকাশ কৰিছে । লগে লগে তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত বাবু গৈ সদৰ থানাত উপস্থিত হয় । আৰক্ষীয়ে তেওঁক ততাতৈয়াকৈ লখিমপুৰ মেডিকেল কলেজ লৈ নি চিকিৎসা কৰায় । ইতিমধ্যে ঘটনা সন্দৰ্ভত বাবুয়ে লখিমপুৰ সদৰ থানাত দুজন যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।

উল্লেখ্য যে, ফটোগ্ৰাফী কৰি জীৱিকা নির্বাহ কৰে বাবু মুখাৰ্জীয়ে ৷ তেওঁ কি কাৰণে এনেদৰে আক্রমণৰ বলি হ’বলগীয়া হ’ল সেইয়া জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : নকল সোণৰ বেপাৰ কৰি লখিমপুৰত গ্ৰেপ্তাৰ পিতা-পুত্ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.