thumbnail

Phata Bihu in Dhakuakhana: জাত জাত বিহু নামৰ ধ্বনিৰে মুখৰিত ম’হঘুলি চাপৰিৰ আকাশ বতাহ

By

Published : May 15, 2023, 10:25 PM IST

ধেমাজি, ১৫মে': ফাটবিহুৰ অন্তিম দিনা লোকে লোকাৰণ্য হৈ পৰিল ঢকুৱাখনা নগৰৰ লগতে চাৰিকড়ীয়া নদীৰ পাৰৰ ম’হঘুলি চাপৰি (Phata Bihu Celebration in Dhakuakhana) ৷ ঐতিহ্যমণ্ডিত ঢকুৱাখনাৰ ফাটবিহুৰ অন্তিম দিনা দেওবাৰে দেখিবলৈ পোৱা গ’ল হাজাৰ হাজাৰ লোকৰ সমাগম ৷ অগণন বিহুপ্ৰেমীৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা বিহুৱা দলৰ জাত জাত বিহু নাম, ম’হৰ শিঙৰ পেঁপাৰ মাতত আকাশ-বতাহ মুখৰিত হৈ পৰে ম’হঘুলি চাপৰিৰ (Historic Phata Bihu in Assam) ৷ ঢোলৰ ছেৱত কঁকাল ভাঙি নাচিলে বিহুৱতীয়ে ৷  

বিহুৰ নাচৰ সমান্তৰালভাৱে দেওবাৰে উলিওৱা হয় বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ৷ গায়ন-বায়ন দলৰ পৰা আৰম্ভ কৰি বিহু, বড়ো, মিচিং, তিৱা, হাজং, চাহ জনগোষ্ঠীৰ কৃষ্টি দলে অংশগ্ৰহণ কৰে এই শোভাযাত্ৰাত ৷ তদুপৰি বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা আৰু সাংস্কৃতিক গোষ্ঠীসমূহে প্ৰতীক ৰূপত বিভিন্ন পৰম্পৰা সাংস্কৃতিক উৎসৱ, থলুৱা শিল্প কলা আদি দৃষ্টিনন্দন ৰূপত দাঙি ধৰে (Phata Bihu 2023) ৷  

লগতে পঢ়ক:Phat Bihu Celebration: চাৰিকড়ীয়া নদীৰ পাৰত ফাট বিহু উদযাপন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.