Petrol pump sealed : গ্ৰাহকৰ সৈতে প্ৰৱঞ্চনা কৰাৰ অভিযোগত ছীল হ’ল পেট্ৰ’ল পাম্প

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 7:32 AM IST

thumbnail

মৰিগাঁও, 10 নৱেম্বৰ : গ্ৰাহকৰ সৈতে প্ৰৱঞ্চনা কৰাৰ অভিযোগত মৰিগাঁৱত এটা পেট্ৰ’ল পাম্প ছীল কৰিলে জিলা আয়ুক্ত দেবাশীষ শৰ্মাই । দীর্ঘদিন ধৰি গ্ৰাহকক পৰিমাণতকৈ কম পেট্ৰ’ল দি লাখ লাখ টকা লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছিল পেট্ৰ’ল পাম্পটোৰ বিৰুদ্ধে । আনকি ভেজাল পেট্ৰ’ল বিক্ৰী কৰাৰো অভিযোগ লাভ কৰিছিল আয়ুক্তগৰাকীয়ে ।

অৱশেষত আয়ুক্তগৰাকীয়ে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে হঠাতে বৈধ জোখ মাপ বিভাগ,যোগান বিভাগৰ বিষয়াসকলৰ সৈতে মৰিগাঁও চহৰৰ মাজমজিয়াত থকা মৰিগাঁও চাৰ্ভিছ নামৰ পেট্ৰল ডিপোটোত উপস্থিত হয় আৰু প্ৰতি পাঁচ লিটাৰ তেলত পঞ্চাশ গ্ৰামকৈ কম তেল দিয়াৰ ঘটনা পোহৰলৈ আহে ৷ আয়ুক্তগৰাকীয়ে এই সন্দৰ্ভত কয় যে জিলাখনত এনে ঘটনা সংঘটিত হোৱাৰ বহু অভিযোগ অহালৈ লক্ষ্য ৰাখি এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

গ্ৰাহকক লুণ্ঠন চলোৱা তেল ডিপোটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয় বিভাগীয় বিষয়গৰাকীয়ে ।

লগতে পঢ়ক: Road Accident in Jonai : জোনাইত ট্ৰাক-বাইকৰ মুখামুখি সংঘৰ্ষ, থিতাতে নিহত এজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.