Anti-government slogans: তিতাবৰৰ ১০ খনকৈ ৰাজহ গাঁও গোলাঘাট জিলাৰ লগত চামিল কৰাক লৈ প্ৰতিবাদ - anti government slogans

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 4, 2023, 8:29 AM IST

Updated : Feb 3, 2023, 8:38 PM IST

অস্তিত্বৰ সংকটত ভুগিছে তিতাবৰ সমষ্টিৰ বেকাজান গাঁও পঞ্চায়তৰ ১০ খন ৰাজহ গাঁৱৰ অন্তৰ্গত প্ৰায় ৫০ খনতকৈ অধিক গাঁৱৰ ৰাইজে । শেহতীয়াকৈ কেবিনেটে যোৰহাট জিলাৰ বেকাজান পঞ্চায়তৰ ১০ খনকৈ ৰাজহ গাঁও গোলাঘাট জিলাৰ লগত চামিল কৰাত ক্ষুব্ধ হৈ পৰিছে গাঁওবাসী(People raise anti-government slogans over merging with Golaghat) । মঙলবাৰে বেকাজান হাইস্কুলৰ খেলপথাৰত আয়োজিত ৰাজহুৱা প্ৰতিবাদী সভাত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে গাঁওবাসীয়ে । কোনো কাৰণতে গোলাঘাট জিলাৰ লগত চামিল কৰাটো মানি নলয় গাঁওবাসীয়ে (Districts Abolished in Assam)। মঙলবাৰে বৃহৎ প্ৰতিবাদী ৰাজহুৱা সভাত বেকাজান পঞ্চায়তৰ ১০ খন ৰাজহ গাঁৱৰ অন্তৰ্গত প্ৰায় ৫০ খনৰো অধিক সৰু বৰ গাঁৱৰ সহস্ৰাধিক গাঁওবাসীয়ে অংশগ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । এই সভাতে গাঁওবাসীয়ে ভোট বৰ্জন কৰাৰ লগতে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.