Assam Cabinet Decision: জোনাই আৰু চিচিবৰগাঁৱক উপ-জিলা ঘোষণাক লৈ উল্লাস - 81 sub districts were formed in the state
🎬 Watch Now: Feature Video


Published : Aug 25, 2023, 10:53 PM IST
জোনাই, ২৫ আগষ্ট : ৰাজ্যত গঠন হ'ল ৮১ খন উপ-জিলা । শুকুৰবাৰে অনুষ্ঠিত হোৱা ১০০ সংখ্যক অসম কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে ঘোষণা কৰিলে ৮১ খন উপ-জিলা । অসম কেবিনেট বৈঠকত ৰাজ্যৰ ৮১ টা মহকুমাক উন্নীতকৰণ কৰি উপ-জিলা ঘোষণা কৰাৰ পিচতে ৰাজ্যৰ চুকে-কোণে এতিয়া উৎসৱমুখৰ পৰিৱেশ পৰিলক্ষিত হৈছে । তাৰ সমান্তৰালভাৱে শুকুৰবাৰে সন্ধিয়া অসম কেবিনেট বৈঠকত জোনাই মহকুমাকো উপ-জিলা ঘোষণা কৰাৰ পিচতে জোনাই সদৰৰ মাজমজিয়াত পূব জোনাই বিজেপি মণ্ডল কমিটীৰ সদস্য়সকলৰ মাজত দেখিবলৈ পোৱা গ'ল এক উখল মাখল পৰিৱেশ ।
জোনাই সদৰত ফটকা ফুটাই উৎফুল্লিত হৈ পৰে পূব জোনাই বিজেপি মণ্ডল কমিটিৰ শতাধিক কাৰ্যকৰ্তা ৷ ইফালে 'চিচিবৰগাঁও' ক উপ-জিলা হিচাপে ঘোষণা কৰাত সন্ধিয়া ৭ বজাত চিলাপথাৰ নগৰৰ ৰাজপথত সমবেত হৈ ফটকা ফুটাই আনন্দ প্ৰকাশ কৰিছে বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনৰ আৰু ৰাইজে ।
লগতে পঢ়ক : Underdevelopment: অসমৰ এখন ঠাই যলৈ যোৱাৰ একমাত্ৰ উপায় জলপথ !