PDS Rice Destroyed at Manikpur: খাদ্য সুৰক্ষাৰ ১৯৮০ কিলোগ্ৰাম চাউল পুতিলে প্ৰশাসনে - Administration destroyed rice in Manikpur

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 25, 2023, 7:01 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তত এক দুষ্ট চক্ৰই অবাধে চলাই গৈছে চাউলৰ চোৰাং বেহা । ৰাজ্যৰ দুখীয়া-দৰিদ্ৰ ৰাইজৰ পেটত গোৰ মাৰি চৰকাৰী চাউলৰ ক'লা ব্যৱসায়ো চলাই গৈছে একাংশই । এনে চোৰাং চক্ৰ তথা চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী প্ৰশাসন । বিভিন্ন সময়ত চোৰাংকৈ সৰবৰাহ কৰা চাউল জব্দ কৰিছে আৰক্ষী তথা খাদ্য সুৰক্ষা বিভাগে ।

ভিন্ন সময়ত জব্দ কৰা চোৰাং চাউল মজুত ৰখা হয় আৰক্ষী থানাত(Manikpur Police Station) । কিন্তু তদন্তৰ খাতিৰত বহুদিন ধৰি জমা কৰি ৰখা চাউলবোৰ খোৱাৰ বাবে অনুপযোগী হৈ পৰে । ফলত নষ্ট কৰিবলগা হয় জব্দকৃত চাউলবোৰ । ঠিক তেনেদৰে ২০১৭ চনতে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষীয়ে জব্দ কৰিছিল বুজন পৰিমাণৰ চোৰাং চাউল । কিন্তু, দীৰ্ঘদিনে চাউলখিনি মাাণিকপুৰ আৰক্ষী থানাৰ গুদামত পৰি থকা চাউলখিনি খোৱাৰ অনুপযোগী হৈ পৰাত নষ্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়(Administration destroyed rice in Manikpur) । 

সেয়ে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানা চৌহদত বৃহৎ পৰিমাণৰ খাদ্য সুৰক্ষা বিভাগৰ চাউল পুতি থোৱা হয় (PDS rice burried at Manikpur) । বঙাইগাঁও জিলা উপায়ুক্তৰ নিৰ্দেশ মতে ১৯৮০ কিলোগ্ৰাম চাউল মাটিত পুতি থোৱা হয় । জানিব পৰা মতে চাউলখিনি ২০১৭ চনত চোৰাং সৰবৰাহকাৰীয়ে চোৰাং কৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে জব্দ কৰি ১৪৪/২০১৭ নম্বৰত এটা গোচৰ ৰুজু কৰিছিল জব্দ কৰিছিল চাউলখিনি । 

বহুদিন ধৰি চাউলখিনি থানাৰ গুদামত ৰখাৰ বাবে খোৱাৰ অনুপযোগী হৈ পৰাত জিলা উপায়ুক্তৰ নিৰ্দেশ মতে মাণিকপুৰ ৰাজহ চক্ৰ বিষয়া ৰীতিমনি দাস, খাদ্য সুৰক্ষা বিভাগৰ বিষয়া আৰু মাণিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ সাহাৰ উপস্থিতিত চাউলসমুহ মাটিৰ তলত পুতি থোৱা হয় । উল্লেখ্য যে, বিগত বছৰটোতো দুবাৰ কৈ বুজন পৰিমাণৰ চাউল নষ্ট কৰিছিল আৰক্ষীয়ে । ২৩ অক্টোবৰত ৩৪৮৪ কিলোগ্ৰাম চাউল আৰু ২৯ ডিচেম্বৰত ৩,৪৪১ কিলোগ্ৰাম চাউল উপায়ুক্তৰ নিৰ্দেশত নষ্ট কৰিছিল থানাখনৰ চৌহদত । 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.