PDS Rice corruption: চৰকাৰী চাউল আত্মসাৎ কৰি ৰাইজৰ ৰোষত পৰিল এজেণ্ট - চৰকাৰী চাউল আত্মসাৎ
🎬 Watch Now: Feature Video


Published : Sep 12, 2023, 10:10 PM IST
তিনিচুকীয়া, ১২ ছেপ্টেম্বৰ: তিনিচুকীয়া জিলাৰ তালাপ সমবায় সমিতিৰ অন্তৰ্গত বালিজানত চৰকাৰী চাউল প্ৰদান নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ পোহৰলৈ আহিছে ৷ বিগত দুই মাহ ধৰি দৰিদ্ৰ লোকৰ নামত অহা চৰকাৰী চাউল আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এজেণ্ট বিজয় শৰ্মাৰ বিৰুদ্ধে । তাৰ পিচতে মঙলবাৰে এজেণ্ট বিজয় শৰ্মাৰ ঘৰত ৰাইজে ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে । পৰৱৰ্তী সময়ত এজেণ্টজনৰ বাসগৃহত স্থানীয় আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷
আগষ্ট মাহৰ পৰাই এজেণ্টজনে স্থানীয় লোকক চাউল প্ৰদান নকৰি আত্মসাৎ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । লগতে সাধাৰণ ৰাইজক চাউল বিতৰণৰ বাবে মাত্ৰ দুদিনহে সময় প্ৰদান কৰে এজেণ্টজনে । সেই দুদিনৰ ভিতৰত যদি কোনো লোকে চাউল সংগ্ৰহ কৰিবলৈ সক্ষম নহয় তেন্তে সেই লোকজনৰ নামত অহা চাউলখিনি এজেণ্টজনে আত্মসাৎ কৰি থয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷
আনহাতে চৰকাৰে প্ৰদান কৰা আগষ্ট মাহৰ সুলভ মূল্যৰ চাউল আজি পৰ্যন্ত পোৱা নাই বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। পৰৱৰ্তী সময়ত দেখা যাব যে সংশ্লিষ্ট বিভাগে এজেণ্টজনৰ বিৰুদ্ধে কি ব্যৱস্থা হাতত লয় ৷
লগতে পঢ়ক: MLA Akhil Gogoi Protest : হাতত লেম্প আৰু বিচনী লৈ বিধানসভাত অখিল গগৈৰ অভিনৱ প্ৰতিবাদ