প্ৰয়াত স্বাধীনতা সংগ্ৰামী লক্ষ্মীকান্ত শৰ্মাক সুঁৱৰি হোজাইত মাল্যাৰ্পণ অনুষ্ঠান - স্বাধীনতা সংগ্ৰামী প্ৰয়াত লক্ষ্মীকান্ত শৰ্মাক সুঁৱৰি
🎬 Watch Now: Feature Video

সমগ্ৰ দেশ তথা ৰাজ্যজুৰি আজি পালন কৰা হয় 76 সংখ্যক স্বাধীনতা দিৱস (76th Independence day of India)৷ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি অৰ্থাৎ সোমবাৰে বিয়লি হোজাই জিলা প্ৰশাসনৰ উদ্যোগত স্বাধীনতা সংগ্ৰামী প্ৰয়াত লক্ষ্মীকান্ত শৰ্মাৰ লংকাস্থিত বাসভৱনত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ ৷ এই অনুষ্ঠানতে হোজাইৰ জিলা উপায়ুক্ত অনুপম চৌধুৰী উপস্থিত হৈ স্বাধীনতা সংগ্ৰামী প্ৰয়াত লক্ষ্মীকান্ত শৰ্মাক সুঁৱৰি তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে ( Tribute to freedom fighter Laxmikant Sharma in Hojai) ৷ লগতে উক্ত কাৰ্যসূচীতে প্ৰয়াত স্বাধীনতা সংগ্ৰামী লক্ষ্মীকান্ত শৰ্মাৰ পৰিয়ালক একোখনকৈ ৰাষ্ট্ৰীয় পতাকাও প্ৰদান কৰে ৷ উল্লেখ্য যে, এই বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীত হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত, অতিৰোক্ত আৰক্ষী আধীক্ষকগৰাকীৰ লগতে জিলাখনৰ চৰকাৰী বিষয়াৰসকলৰ লগতে স্থানীয় ৰাইজো উপস্থিতি থাকে ।
Last Updated : Feb 3, 2023, 8:26 PM IST