Sialmari Bejirsutipar RPHC: নলবাৰীৰ শিয়ালমাৰী স্বাস্থ্যকেন্দ্ৰত ১২ বজালৈ নাই চিকিৎসক-কৰ্মচাৰী - স্বাস্থ্যকেন্দ্ৰত ১২ বজালৈ নাই চিকিৎসক কৰ্মচাৰী
🎬 Watch Now: Feature Video
নলবাৰী, ১০ আগষ্ট: "আছে গৰু নবাই হাল, থকাতকৈ নথকাই ভাল ।" অসমীয়া এইশাৰী ফকৰা-যোজনাই যেন প্ৰতিফলিত হৈছে নলবাৰীৰ এটা স্বাস্থ্যকেন্দ্ৰত । নলবাৰীৰ বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰ বেজিসূতিপাৰ ৰিভাৰাইন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত অৰাজকতা । স্বাস্থ্যকেন্দ্ৰটোত নাই কোনো চিকিৎসক-কৰ্মচাৰী । দুপৰীয়া ১২ বজা পৰ্যন্ত কোনো এজন চিকিৎসক কৰ্মচাৰীৰ উপস্থিত নোহোৱাত ক্ষোভিত হৈছে স্থানীয় লোক ।
স্বাস্থ্যকেন্দ্ৰটোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে মূল দৰ্জাখন খুলিয়েই দায়িত্ব সামৰি চিকিৎসালয়ৰ পৰা অন্তৰ্ধান হয় । প্ৰতিদিনে স্বাস্থ্যকেন্দ্ৰটোত এনেদৰে কেৱল মূল দৰ্জাখনৰ বাহিৰে বাকী সকলো কক্ষ বন্ধ থকাৰ অভিযোগ স্থানীয় লোকৰ । আজিও দুপৰীয়া ১২ বজালৈ স্বাস্থ্যকেন্দ্ৰটোত কোনো এজন চিকিৎসক-কৰ্মচাৰী উপস্থিত নোহোৱাত ৰোগীসকল অহামুখে উভতি যাবলগীয়া হয় ।
স্বাস্থ্যকেন্দ্ৰটোৰ ভিতৰত লাইট আৰু ফেন চলাই বাকী সকলো কক্ষত তলা ওলমি থকা পৰিলক্ষিত হয় । চৰাঞ্চলৰ দীৰ্ঘদিনীয়া এনে অভাৱ অভিযোগত যেন নাই নলবাৰী জিলা স্বাস্থ্য বিষয়াৰ কোনো গুৰুত্ব । নাই ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ কোনো গুৰুত্ব । ২০১১ চনতেই স্থাপিত হোৱা এইখন চৰাঞ্চলৰ স্বাস্থ্যসেৱাৰ প্ৰাণকেন্দ্ৰস্বৰূপ শিয়ালমাৰী স্বাস্থ্যকেন্দ্ৰত এনেই অৰাজকতাত এতিয়া নিতৌ স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে ৰোগী ।
লগতে পঢ়ক: Kalgachia sub health centre: ভূত বাংলাত পৰিণত কলগাছিয়াৰ চৰচৰীয়া উপ-স্বাস্থ্যকেন্দ্ৰ