Poor road condition: পথৰ দুৰাৱস্থাই জলা-কলা খুৱাইছে ধেমাজিৰ একাংশ লোকক - constituency of Education Minister Ronoj Pegu
🎬 Watch Now: Feature Video


Published : Aug 28, 2023, 2:29 PM IST
ধেমাজি, 28 আগষ্ট: ধেমাজিত ৰাজ্যিক গড়কাপ্তানি পথৰ দুৰাৱস্থাই উদঙাইছে শাসনাধিষ্ঠিত চৰকাৰখনৰ উন্নয়নৰ ফোপোলাস্বৰূপ । ধেমাজি সদৰ অসামৰিক চিকিৎসালয়ৰ পৰা কাইটং পেটফুটা হৈ মাছখোৱা আৰু ঢকুৱাখনা সংযোগী ৰাজ্যিক গড়কাপ্তানি পথটোৰ জৰাজীৰ্ণ অৱস্থাই জীয়াতু ভুগাইছে ধেমাজিৰ বৃহত্তৰ পেটফুটা আৰু কাইটঙবাসীক ৷
সম্প্ৰতি সমগ্ৰ পথছোৱা শিল উন্মুক্ত হৈ পুখুৰী সদৃশ হৈ পৰিছে ৷ এজাক বৰষুণ দিলেই পথটোত থকা পুখুৰী সদৃশ গাঁতবোৰ পানীৰে পৰিপূৰ্ণ হৈ যাতায়তৰ ক্ষেত্ৰত সমস্যাত পেলাইছে প্ৰতিগৰাকী লোকক ৷ এই অৱস্থাৰ বাবে বিভিন্ন আৰোহীয়ে বাহনসহ গাঁতত পৰি দুৰ্ঘটনাত পতিত হ’বলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে । উল্লেখ কৰা প্ৰয়োজন যে, পথটোৰ দুৰাৱস্থাৰ বাবে জৰুৰীকালীন সেৱা লাভৰ পৰাও বঞ্চিত হৈ আহিছে সংশ্লিষ্ট ৰাইজ ।
মন কৰিবলগীয়া যে, ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গৃহ সমষ্টিৰ অন্তৰ্গত এই জৰাজীৰ্ণ পথটো শীঘ্ৰে মেৰামতি কৰি সুচল যাতায়তৰ ব্যৱস্থা কৰি দিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে ৷
লগতে পঢ়ক: Flood effect in Nalbari: মৰাপাগলাদিয়াৰ বানৰ কবলত নলবাৰী, কৃষকৰ হাহাকাৰ