নগাঁৱৰ ননৈত বাঘৰ ভৰিৰ ছাপ প্ৰত্যক্ষ, আতংকময় পৰিৱেশ - Tiger Terror in Nagaon

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 1:58 PM IST

নগাঁও, 6 জানুৱাৰী : আজিও নগাঁৱৰ ননৈ অঞ্চলত বাঘৰ বাবে আতংকময় পৰিৱেশে বিৰাজ কৰিছে ৷ উল্লেখ্য যে, শুক্ৰবাৰে পুৱাই ননৈৰ ভেলাইগাঁৱত বাঘৰ আক্ৰমণত এগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী লোক আহত হৈছিল ৷ ইয়াৰ পাচতে অধিক আতংকিত হৈ আছে গাঁওবাসী ৷ শুকুৰবাৰ পৰা বন বিভাগৰ লোকে বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷

ইয়াৰ মাজতেই শনিবাৰে পুৱাই ননৈৰ দেউৰীগাঁৱৰ পম্পী বৰা নামৰ এগৰাকী মহিলাৰ বাসগৃহৰ পিছফালে বাঘৰ খোজ প্ৰত্যক্ষ কৰে গৃহস্থই ৷ খোজৰ চিহ্ন চাই এয়া প্ৰকাণ্ড ঢেকীয়াপতিয়া বাঘৰ পদচিহ্ন বুলি ধাৰণা কৰিছে স্থানীয় লোকে ৷ বাঘটো বৰ্তমান কোন স্থানত অৱস্থান কৰিছে তাৰ কোনো নিশ্চিত তথ্য কাৰো হাততেই নাই যদিও দেউৰীগাঁৱৰে কোনো এটা জংঘলত বাঘটোৱে আশ্ৰয় লৈ থকা বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক : নগাঁৱত ঢেকিয়াপতিয়াৰ আতংক, কোন কোন অঞ্চলত ১৪৪ ধাৰা জাৰি ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.