Maha Pal Naam in Sivasagar : মঙলবাৰৰ পৰা শিৱসাগৰত সংকল্পিত মহা পালনাম; প্ৰস্তুতি সম্পূৰ্ণ

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 6:28 PM IST

thumbnail

শিৱসাগৰ, 30 অক্টোবৰ : কাইলৈৰ পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হ’ব শিৱসাগৰ চহৰ । শিৱসাগৰ বৰ্ডিং খেলপথাৰত মঙলবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব মহা পালনাম । কৃষ্ণ সূৰ্য নাম সমাজৰ উদ্যোগত উদযাপন কৰিবলগীয়া মহা পালনাম উপলক্ষে বৰ্ডিং খেলপথাৰত চলোৱা হৈছে ব্যাপক প্ৰস্তুতি ।

নিৰ্মাণ কৰা হৈছে একেলগে 2500 ভকত বৈষ্ণৱ বহি নাম প্ৰসংগ কৰিব পৰাকৈ বিশাল মণ্ডপ তথা অস্থায়ী নামঘৰ । শিৱসাগৰ জিলাৰ উপৰিও উজনিৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰিব এই মহা পালনামত । এই মহাপাল নামত উপস্থিত থকাৰ কথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ভকত বৈষ্ণৱক আদৰিবলৈ দিনে নিশাই ব্যস্ত হৈ পৰিছে সহস্ৰাধিক কৰ্মী ।

উল্লেখ্য যে, ক’ৰণা মহামাৰীৰ সময়ত ক’ৰণা ভাইৰাছৰ বিভিষিকা যাতে দূৰ হয়, তাৰ বাবে কৃষ্ণ সূৰ্য নাম সমাজে এভাগি মহা পালনাম আয়োজনৰ সংকল্প লৈছিল । অৱশেষত মহা পালনামৰ বাবে প্ৰস্তুতি একপ্ৰকাৰৰ সম্পূৰ্ণ কৰিছে উদ্যোক্তাসকলে ।

লগতে পঢ়ক : 30th October Serial Blast : অভিশপ্ত 30 অক্টোবৰ : ধাৰবাহিক বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়া সকললৈ শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.