Jayamati Award To Hemprabha Chutia: পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াক জয়মতী বঁটা প্ৰদান - পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াক জয়মতী বঁটা প্ৰদান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 18, 2023, 2:24 PM IST

ডিব্ৰুগড়,১৭ মাৰ্চ: প্ৰদান কৰা হ'ল ডিব্ৰুগড় লেডিছ ক্লাৱৰ এইবৰ্ষৰ জয়মতী বঁটা । পদ্মশ্ৰী হেমপ্ৰভা চুতীয়ালৈ আগবঢ়োৱা হয় ২০২৩ বৰ্ষৰ জয়মতী বঁটা । ডিব্ৰুগড়ৰ মহিলা সকলৰ অন্যতম সামাজিক, সাংস্কৃতিক অনুষ্ঠান ডিব্ৰুগড় লেডিজ ক্লাৱে প্ৰতি বছৰৰ দৰে এইবৰ্ষতো আগবঢ়ালে জয়মতী বঁটা(Padma Shri Hemprabha Chutia conferred with Jayamati Award) । তিনিখনকৈ ধৰ্মগ্ৰন্থ গুণমালা, শ্ৰীমদ্ভাগৱত আৰু নামঘোষাৰ পদৰ চানেকীৰে বৰ্ণবস্ত্ৰত তুলি ধৰি অসমৰ তাঁত শিল্পক অনন্য ৰূপ দিয়া মৰাণৰ হেমপ্ৰভা চুতীয়াক শুকুৰবাৰে ডিব্ৰুগড় জিমখানা ক্লাৱত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ডিব্ৰুগড় লেডিজ ক্লাৱে চলিত বৰ্ষৰ জয়মতী বঁটাটি প্ৰদান কৰে(Jayamati Award To Hemprabha Chutia) ।  

এই বঁটাত আছে অংগবস্ত্ৰ, প্ৰশস্তি পত্ৰ, ফুলৰ থোপা আৰু নগদ ১১ হাজাৰ টকা । ডিব্ৰুগড় লেডিজ ক্লাৱৰ সভানেত্ৰী প্ৰীতি কাড়ৱা আৰু সম্পাদিকা অঞ্জলী মোডীয়ে আঁত ধৰা অনুষ্ঠানত পদ্মশ্ৰী সন্মান প্ৰাপক শিপিনী গৰাকীয়ে এই বঁটা গ্ৰহণ কৰি কয় যে, অসমৰ তাঁতশিল্পক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব । অসমীয়া মহিলাই তাঁতশালত সপোন ৰচে । অসমৰ তাঁতশিল্পক উচিত স্বীকৃতি প্ৰদান কৰিব লাগিব(Eminent weaver Padmashri Hemprabha Chutia) ।  

ইফালে গুণমালাক ইংৰাজীত বৰ্ণবস্ত্ৰত বৈ উলিওৱাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ কথা জানিবলৈ দিছে জ্যেষ্ঠ শিপিনীগৰাকীয়ে । বাঁহৰ কাঠিৰে গুণমালাই স্থান লাভ কৰিব বৰ্ণ বস্ত্ৰত । ইতিমধ্যে তিনিটা অধ্যায় সম্পূৰ্ণ কৰা বুলিও জানিবলৈ দিছে । এই বঁটাই ৰাইজৰ বাবে সৃষ্টিমূলক কাম কৰি যাবলৈ প্ৰেৰণা দিব বুলি উল্লেখ কৰে পদ্মশ্ৰী বঁটা প্ৰাপক হেমপ্ৰভা চুতীয়াই ।

লগতে পঢ়ক: HSLC question paper leak : ভূগোলৰ প্ৰশ্নকাকত ফাদিল, ছেবাৰ অস্বীকাৰ

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.