thumbnail

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 2:27 PM IST

Updated : Nov 13, 2023, 2:58 PM IST

ETV Bharat / Videos

Paddy Harvesting : কাতি-আঘোণৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত জোনাইৰ খেতিয়ক

জোনাই, ১৩ নৱেম্বৰ : সোণোৱালী কাতি-আঘোণৰ পথাৰৰ সোণগুটি চপোৱাত ব্যস্ত খেতিয়ক ৷ সোণোৱালীৰ পথাৰক ঐনিতমেৰে জীপাল কৰি তুলিছে চিলাপথাৰৰ বৃহত্তম ভাঙিদীয়া অঞ্চলৰ মিচিং জীয়ৰী-বোৱাৰীসকলে । কিয়নো মিচিংসকলৰ হেৰাই যাব ধৰা অতীতৰ পৰম্পৰাক জীয়াই ৰখাৰ প্ৰয়াস চিলাপথাৰৰ ভাঙিদীয়া অঞ্চলৰ ৰাইজ ।

জানিব পৰা মতে, অঞ্চলটোৰ পাঁচখন গাঁৱৰ ৰাইজে একেলগ হৈ প্ৰস্তুতি চলাইছে আগন্তুক পৰাগ উৎসৱ উদযাপনৰ বাবে ৷ স্থানীয় ৰাইজে জনোৱা অনুসৰি, আগন্তুত ২০২৫ চনত মিচিংসকলে উদযাপন কৰিব তেওঁলোকৰ এক অন্যতম উৎসৱ পৰাগ ৷

উল্লেখ্য যে, মিচিং সমাজত প্ৰচলিত অন্য এক প্ৰধান কৃষিভিত্তিক উৎসৱ হৈছে পৰাগ । ২২ লক্ষাধিক বাজেটেৰে উদযাপন কৰা এই পৰাগ উৎসৱটোত কোনো ঠিকাদাৰ, মহৰি, দোকানীৰ পৰা চান্দা সংগ্ৰহ কৰা নহ’ব ৷ এই কথা সদৰী কৰিছে স্থানীয় লোকে ৷ এখন ছচাইটিৰ জৰিয়তে ধান কটা, সৰিয়হৰ খেতি চপোৱাৰ লগতে গাঁৱৰ ৰাইজে দিয়া পুঁজিৰে উদযাপন কৰা হ'ব পৰাগ উৎসৱটি ৷

লগতে পঢ়ক : Attack of armyworms: চহা কৃষকৰ সপোনৰ ধাননি ডৰাত শূঁৰ পোকৰ উপদ্ৰৱ

Last Updated : Nov 13, 2023, 2:58 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.