Orunodoi Scheme 2: গোৱালপাৰাত অৰুণোদয় আঁচনিৰ কাৰ্ড বিতৰণ অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 11:36 AM IST

thumbnail

গোৱালপাৰা, 13 অক্টোবৰ: গোৱালপাৰাত অৰুণোদয় আঁচনিৰ 2.0 কাৰ্ড বিতৰণ অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । গোৱালপাৰা ডি এন সিংহ ষ্টেডিয়ামত আয়োজিত অৰুণোদয় আঁচনিৰ 2.0 ৰ কাৰ্ড বিতৰণৰ অনুষ্ঠান মুকলি কৰে মন্ত্ৰীগৰাকীয়ে । অসমত নতুনকৈ অৰুণোদয় আঁচনি 2.0 ত প্ৰায় 7 লাখ মহিলাক 1250 টকাকৈ দিয়াৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে । প্ৰতি বছৰে অসমত অৰুণোদয় আঁচনিৰ বাবে অসম চৰকাৰে 4 হেজাৰ 2 শ কোটি টকা খৰছ কৰা হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

অসম চৰকাৰৰ এই আঁচনিত গোৱালপাৰা জিলাত নতুনকৈ 23 হাজাৰ মহিলাক অন্তৰ্ভুক্ত কৰা হৈছে । পূৰ্বে এই আঁচনিত গোৱালপাৰা জিলাৰ মুঠ 54 হেজাৰ মহিলাক সাঙুৰি লোৱা হৈছিল । গোৱালপাৰা জিলাত মুঠ 80 হেজাৰ দৰিদ্ৰ, বিধৱা, দিব্যাংগ মহিলাসকলে অৰুণোদয় আঁচনিৰ ধন প্ৰতিমাহে লাভ কৰিব বুলি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জনায় ।

ইপিনে 'অমৃত কলহ যাত্ৰা' ত কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰাৰ বাবে নিলম্বিত কৰা কাৰ্যক সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যিসকল দেশপ্ৰেমী নহয় তেওঁলোকেহে অমৃত কলহ যাত্ৰাক সমালোচনা কৰি আছে । 

লগতে পঢ়ক: Lok Sabha Elections 2024: ‘য’তেই খালী মাটি চকুত পৰিছে সেইখিনিকেই দখল কৰি লৈছে মুখ্যমন্ত্ৰীয়ে’- অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.