পকিবলৈ ধৰিছে সুস্বাদু কমলা, ইষ্ট ছিয়াঙৰ ৰসাল কমলাৰে ভৰিছে অসমৰ বজাৰ

🎬 Watch Now: Feature Video

thumbnail

জোনাই, 7 ডিচেম্বৰ : কমলা টেঙাৰ খেতি আৰু উৎপাদনৰ বাবে বিশেষভাৱে বিখ্যাত অৰুণাচলৰ ইষ্ট চিয়াং জিলা ৷ অতীতৰ পৰাই এই অঞ্চলত কৰি অহা এই খেতিয়ে জিলাখনৰ গ্ৰাম্য অর্থনীতি সবল কৰি তোলাত উল্লেখনীয় বৰঙণি আগবঢ়াই আহিছে ৷  

শীতকালৰ টেঙা-মিঠা লগা এবিধ সুস্বাদু তথা জনপ্ৰিয় ফল হ'ল কমলা ৷ অৰুণাচল প্ৰদেশত প্ৰচুৰ পৰিমাণে উৎপাদন হয় এই কমলা ৷ অৰুণাচল প্ৰদেশৰ ইষ্ট ছিয়াং জিলাৰ দেপি গাঁৱত স্থানীয় ৰাইজে পাহাৰৰ বুকুত কৰিছে বিঘাই বিঘাই কৰিছে কমলাৰ খেতি ৷ ডাল ভৰি ভৰি লাগিছে কমলা ৷ ইষ্ট ছিয়াং জিলাৰ দেপি গাঁৱৰ লোকসকলে কমলাৰ খেতিৰে বাচি লৈছে জীৱিকাৰ পথ ৷

কমলাৰ খেতিৰে বছেৰেকত এই সকল পৰিশ্ৰমী লোকে উপাৰ্জন কৰিছে লাখ লাখ টকা ৷ অৰুণাচলৰ এই কমলা ক্ৰয় কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰ বহু ব্যৱসায়ী যায় এই অঞ্চললৈ ৷ কমলাৰ খেতি কৰি কেৱল দেপি গাঁৱৰ লোকসকলেই লাভাম্বিত হোৱা নাই ৷ বৰঞ্চ অৰুণাচলৰ গাতে লাগি থকা জোনাই, চিলাপথাৰ আদি ঠাইৰ খুচুৰা ব্যৱসায়ীসকলো লাভাম্বিত হৈছে ৷ 

লগতে পঢ়ক : মিচিং জনগোষ্ঠীৰ নৃত্যৰে বিশ্ব অভিলেখৰ প্ৰস্তুতি চলাব চৰকাৰে: ৰণোজ পেগু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.