যোৰহাটৰ কাকজানত শূন্যলৈ গুলী দুৰ্বৃত্তৰ - টীয়ক কাকজান গুলীচালনা
🎬 Watch Now: Feature Video


Published : Dec 14, 2023, 9:52 PM IST
টীয়ক, 12 ডিচেম্বৰ : বৃহস্পতিবাৰে সন্ধিয়া টীয়কত সংঘটিত হ’ল শূন্যলৈ গুলীচালনাৰ ঘটনা ৷ টীয়কৰ কাকজান বাম কুকুৰাচোৱা অঞ্চলত কোনো অচিনাক্ত লোকে শূন্যলৈ গুলীচালনা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
স্থানীয় লোকে জনোৱা মতে মটৰ চাইকেলত অহা যুৱকে গুলী ফুটাই পলায়ন কৰে । ইতিমধ্যে ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে প্ৰায় একে সময়তে যোৰহাটৰ লিচুবাৰীৰ সেনা চাউনীৰ সমীপতো এক বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ৷ দুয়োটা ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি সমগ্ৰ জিলাখনতে এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে ।
সমগ্ৰ ঘটনাক লৈ আৰক্ষী তৎপৰ হৈ পৰিছে আৰু ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাইছে । সমগ্ৰ ঘটনা সন্দৰ্ভত মুহুৰ্তলৈকে আৰক্ষীয়ে মন্তব্য কৰা নাই ৷ বৃহস্পতিবাৰে সংঘটিত গুলীচালনা আৰু বিস্ফোৰণক লৈ যোৰহাট জিলাত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ৷
লগতে পঢ়ক : যোৰহাটৰ মিলিটেৰী ষ্টেচনৰ চৌহদত বিস্ফোৰণৰ শব্দ