Road Accident: ট্ৰাকৰ চকাৰ তলত সোমাল বাইক আৰোহী - ভয়ংকৰ পথ দুৰ্ঘটনা
🎬 Watch Now: Feature Video


Published : Nov 2, 2023, 3:18 PM IST
গোলাঘাট, 2 নৱেম্বৰ : গোলাঘাট জিলাৰ মৰঙীৰ ফলঙনীত ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে । চিমেণ্ট ভৰ্তি ট্ৰাকৰ চকাৰ তলত সোমাল এজন বাইক আৰোহী। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত বাইক আৰোহীজনক সংকটজনক অৱস্থাত গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ AS-05C-5857 বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে মইৰং চাহ ফেক্টৰীৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হয় । অৱশ্যে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা লোকজন ফলঙনীৰ উমেশ দত্ত বুলি জানিব পৰা গৈছে। উমেশ দত্ত পেছাত এজন শিক্ষক ৷ তেওঁ প্ৰতিদিনৰ দৰে বৃহস্পতিবাৰেও বিদ্যালয় অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। বৰ্তমান ঘটনাস্থলীত বগীজান আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক: Drugs seized: ২ গৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীসহ ড্ৰাগছ জব্দ