Man Elephant conflict: বন্যহস্তীৰ উপদ্ৰৱ, কথমপি প্ৰাণৰক্ষা এজনৰ - Wild Elephant attack

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 15, 2023, 6:05 PM IST

লখিমপুৰ, ১৫ জুন: লখিমপুৰ জিলাত পুনৰ হাতী মানুহৰ সংঘাত ৷ অৰুণাচলৰ সীমান্তৱৰ্তী ফুলবাৰীৰ বিভিন্ন স্থানত বন্যহস্তীৰ উপদ্ৰৱে টোপনি হৰিছে । সপ্তাহটোত তিনি চাৰিদিন পৰ্যন্ত হাতীয়ে দৌৰাত্ম্য চলিাইছে অঞ্চলটোত। বুধবাৰে নিশা অঞ্চলটোত বন্যহস্তীয়ে তাণ্ডৱ চলাই ঘৰবাৰী ভঙাৰ লগতে হাতীৰ আক্ৰমণত এজন লোক আহত হয়। কথমপি প্ৰাণ ৰক্ষা পৰে মহিলাসহ ব্যক্তিজনৰ। 

যোৱানিশা হৈ থকা মুষলধাৰ বৰষুণৰ মাজতে ফুলবাৰীৰ ২নং ধেমাগড়ত খাদ্যৰ সন্ধানত নামি অহা বন্যহস্তীৰ এটা দলে সন্ত্ৰাসৰ সৃষ্টি কৰে। নিশা প্ৰায় ১১ মান বজাত অহা হাতীৰ জাকটোৱে জগত মহন্ত নামৰ ব্যক্তিজনৰ ঘৰত আক্ৰমণ কৰে । হাতীয়ে তেওঁৰ ঘৰ ভাঙি চুৰমাৰ কৰাৰ লগতে হাতীৰ আক্ৰমণত ব্যক্তিজনৰ দুয়োখন ভৰি আঘাতপ্ৰাপ্ত হয়। 

ইফালে নিচেই কাষতে থকা বনকৰ্মীসকলৰ হাতত হাতী খেদিবলৈ পৰ্যাপ্ত সা-সঁজুলি নথকাৰ বাবে বাৰে বাৰে হাতী খেদাত ব্যৰ্থ হয় বনবিভাগৰ লোক ৷ 

লগতে পঢ়ক: Medium movement : AASU ৰ প্ৰতিবাদত কঁপিল যোৰহাট

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.