Chirang encounter: নিস্তব্ধ অৰণ্যত নিশা গুলীৰ গৰ্জন; চোৰাং চিকাৰীৰ হাবিতেই মৰণ - poacher killed in police encounter
🎬 Watch Now: Feature Video
চিৰাং, 14 আগষ্ট: দেওবাৰে নিশা উত্তৰ আৰু নামনিত অসমত দুটাকৈ এন্টকাউন্টাৰ ঘটনা ৷ লখিমপুৰ আৰু চিৰাঙত সংঘটিত হৈছে এই এনকাউন্টাৰৰ ঘটনা ৷ চিৰাঙত আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ গুলীত ধৰাশায়ী হ’ল চোৰাং চিকাৰী ৷ জানিব পৰা মতে চিৰাঙ জিলাৰ ভাৰত-ভূটান সীমান্তৰ জালুকনিত নিশা সংঘটিত হয় এই এনকাউন্টাৰ ।
মাত্ৰ কেইঘন্টাৰ পূৰ্বে দুটাকৈ গঁড় আৰু ৩০-৪০ টা বন্যহস্তীৰ নিধনৰ লগত জড়িত তিনি চোৰাংচিকাৰীসহ নৱেশ্বৰ বসুমতাৰীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ আন চোৰাং চিকাৰীৰ সন্ধানত নিশা আৰক্ষীয়ে নৱেশ্বৰ বসুমতাৰীক লগত লৈ অভিযান চলাইছিল বিভিন্ন স্থানত ৷ তেনে সময়তে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে চোৰাং চিকাৰী নৱেশ্বৰ বসুমতাৰীয়ে ৷ নৱেশ্বৰলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে ৷ গুলীৰ আঘাতত ঢলি পৰে নৱেশ্বৰ ৷ হাবিত ত্ৰাস চলাই শেষত হাবিতেই প্ৰাণ হেৰুৱালে চোৰাং চিকাৰী নৱেশ্বৰক বসুমতাৰীয়ে ৷ আনহাতে চতুৰ্থটো গঁড় চিকাৰীক আৰক্ষীয়ে আটক কৰা বুলি প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে ৷
নিশা চিৰাঙত হোৱা এনকাউন্টাৰ ঘটনাৰ পিচতে ছ’চিয়েল মিডিয়াত দেখা গৈছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙৰ এটা বিশেষ পোষ্ট ৷ এটা গঁড়ৰ ফটো আপলোড কৰি ইংৰাজীতে জি পি সিঙে লিখিছে যে, Stay safe, @assampolice is with you.
লগতে পঢ়ক:Rhino poacher arrested: চিৰাঙত তিনি দুৰ্ধৰ্ষ গঁড় চিকাৰী গ্ৰেপ্তাৰ