Sharp weapon Attack: দাৰ ঘাপত গুৰুতৰভাৱে আহত এজন - ডিব্ৰুগড় AMCH
🎬 Watch Now: Feature Video


Published : Oct 5, 2023, 6:44 PM IST
মৰাণ, 5 অক্টোবৰ: ডিব্ৰুগড় জিলাৰ মৰাণত বৃহস্পতিবাৰে দিন দুপৰতে চোকা অস্ত্ৰৰ আক্ৰমণৰ বলি হয় এজন লোক। মৰাণ নতুন নগৰৰ নিবাসী তথা মৰাণ ট্ৰাক ষ্টেণ্ডৰ কৰ্মচাৰী পখনা ওৰাং (২৮)নামৰ যুৱকজনে এজন লগৰীয়াৰ সৈতে কথা পাতি থকা অৱস্থাতে শ্বেইখ উদ্দিন নামৰ এজন লোকে অতৰ্কিতে আক্ৰমণ কৰে ৷ আক্ৰমণকাৰীজনে সমীপতে পূজা মণ্ডপ নিৰ্মাণ কৰি থকা কৰ্মীৰ এখন দা আনি পখনা ওৰাঙক মূৰ আৰু হাতত ঘপিয়াই পলায়ন কৰে ৷
লগে লগে স্থানীয় লোকে আক্ৰমণকাৰীজনক খেদি খেদি কৰায়ত্ব কৰি মৰাণ আৰক্ষীক চমজাই দিয়ে ৷ ইফালে আহত যুৱকজনক মৰাণ ৰাজ্যিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছিল যদিও তেওঁৰ অৱস্থা সংকটজনক হোৱাত ডিব্ৰুগড় AMCH লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় । একাংশ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি আক্ৰমণকাৰী নগাঁৱৰ শ্বেইখ উদ্দিন মানসিক বিকাৰগ্ৰস্ত ৷