One person died: মেৰাপানীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ

By

Published : Jun 25, 2023, 3:20 PM IST

thumbnail

যোৰহাট,২৫ জুন: যোৰহাটৰ মেৰাপানীত চাঞ্চল্যকৰ ঘটনা । বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ । মৃত যুৱকজনৰ নাম বাবু বৰা । জানিবপৰা মতে, চলংপথাৰৰ বাবু বৰা নামৰ ব্যক্তিজনে নিজৰ ঘৰত বিদ্যুৎ সংযোগ কৰি থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হয় । পৰিয়ালৰ লোকে ততালিকে মেৰাপানী সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত চিকিৎসকে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসকে মৃত বুলি ঘোষণা কৰে । উক্ত ঘটনাকলৈ সমগ্ৰ অঞ্চলতে বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য । স্থানীয় ৰাইজে অভিযোগ কৰা মতে, অঞ্চলটোৰ বিদ্যুৎ তাঁৰ বা সংযোগৰ বিসংগতি ঠিক কৰিবলৈ বৰাম্বাৰ খবৰ দিলেও উপস্থিত নহয় বিদ্যুৎ বিভাগৰ লোক ৷ 

লগতে পঢ়ক: Amit Shah speaks to CM Sarma: অসমৰ ভয়াৱহ বান পৰিস্থিতিকলৈ উদ্বিগ্ন ভাৰত চৰকাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.