অনলাইন ট্ৰেডিং কেলেংকাৰীৰ তদন্ত বিচাৰি ৰাজপথত কংগ্ৰেছ - Congress protest in Nagaon

By ETV Bharat Assamese Team

Published : 5 hours ago

thumbnail
ট্ৰেডিং কেলেংকাৰীৰ তদন্ত বিচাৰি ৰাজপথত কংগ্ৰেছ (ETV Bharat Assam)

নগাঁও, ১৯ চেপ্টেম্বৰ: বিগত কিছুদিন ধৰি ৰাজ্যজুৰি অব্যাহত থকা চৰ্চাৰ মূল বিষয় বস্তুৱেই হৈছে ট্ৰেডিং কেলেংকাৰীৰ লগতে ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত চুমী-বিশাল অথবা তাৰ্কিক ইত্যাদি । ৰাজ্যত উত্থাপন হোৱা কেইবাহাজাৰ কোটি টকীয়া ট্ৰেডিং কেলেংকাৰীৰ বিৰুদ্ধে শেহতীয়াকৈ ৰাজপথলৈ ওলাই আহিল বিৰোধী কংগ্ৰেছ । বুধবাৰে নগাঁৱত জিলা কংগ্ৰেছৰ উদ্যোগত ট্ৰেডিং কেলেংকাৰীৰ বিৰুদ্ধে সাব্যস্ত হ'ল প্ৰতিবাদ । ৰাজ্যত সংঘটিত হোৱা কেইবাহাজাৰ কোটি টকাৰ ট্ৰেডিং কেলেংকাৰীত চৰকাৰী পক্ষও জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি ট্ৰেডিং কেলেংকাৰীৰ তদন্ত বিচাৰি অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশত বুধবাৰে নগাঁৱত জিলা কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ ।  

বৰ্তমানলৈকে ট্ৰেডিং কেলেংকাৰীত জড়িত হৈ আৰক্ষীৰ জালত পৰা চুমী বৰা, তাৰ্কিক অথবা বিশালক ৰাজ আতিথ্য প্ৰদান কৰাৰ অভিযোগক লৈ গভীৰ ৰহস্যৰ গোন্ধ পাইছে বিৰোধী কংগ্ৰেছে । আনকি ট্ৰেডিং কেলেংকাৰীত জড়িত আটাইকেইজন অভিযুক্তক এই পৰ্যন্ত স্মাৰ্ট আৰক্ষী বুলি দাবী কৰা অসম আৰক্ষীয়ে কৰায়ত্ত কৰিব নোৱাৰাটোও ৰহস্যজনক বুলিও দাবী কৰাৰ লগতে একাংশ ট্ৰেডাৰে কোটি কোটি টকা লুটি অকল্পনীয় বিলাসী জীৱন আৰম্ভ কৰাৰ পাচতো অসম আৰক্ষীৰ চোৰাংচোৱাই গম নোপোৱাটোৱে অসম আৰক্ষীৰ ব্যৰ্থতাৰ প্ৰমাণ বুলি দাবী কৰে নগাঁও জিলা কংগ্ৰেছে । 

লগতে পঢ়ক: ৰঞ্জিত কাকতিৰ জামিন নাকচ আদালতৰ; Trading FXৰ জৰিয়তে কোটি কোটি টকা আত্মসাতৰ অভিযোগ - Online Trading Scam

অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাত অভিযুক্ত বিশাল ফুকনক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ - Online Trading Scam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.