বন্যজন্তুৰ উপদ্ৰৱ; কলিয়াবৰত সৌৰ বেৰ নিৰ্মাণৰ ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ - Solar Fencing at Kaliabor - SOLAR FENCING AT KALIABOR
🎬 Watch Now: Feature Video


Published : Sep 19, 2024, 12:19 PM IST
কলিয়াবৰ, ১৯ ছেপ্টেম্বৰ : কলিয়াবৰত বাঘ-হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ সৌৰশক্তিযুক্ত বেৰৰ (Solar Power Fencing) ব্যৱস্থা কৰিব চৰকাৰে । কলিয়াবৰ চাহ বাগিচা আৰু কামাখ্যা পাহাৰৰ সীমান্তৰে সাত কিলোমিটাৰ দৈঘ্যৰ এই সৌৰ বেৰৰ ব্যৱস্থা কৰিব বন বিভাগে ।
দুটা স্তৰত হ'ব এই বেৰৰ কাম । প্ৰথমে স্থাপন কৰা হ'ব পাঁচ কিলোমিটাৰ দৈঘ্য । পৰৱৰ্তী সময়ত দুই কিলোমিটাৰ দৈঘ্যৰ সৌৰ বেৰ স্থাপন কৰা হ'ব অঞ্চলটোত । এমাহৰ ভিতৰতে ইয়াৰ কাম সম্পূৰ্ণ কৰা হ'ব বুলি আশ্বাস মন্ত্ৰী কেশৱ মহন্তৰ । শিলঘাটৰ কামাখ্যা দেৱালয়ৰ পৰা হাতীমূৰালৈ স্থাপন কৰা হ'ব অত্যাধুনিক সৌৰ বেৰ ।
বুধবাৰে কলিয়াবৰৰ কামাখ্যা গাঁৱত অনুষ্ঠিত ৰাজহুৱা সভাত এই ঘোষণা মন্ত্ৰী কেশৱ মহন্তৰ । উল্লেখ্য যে বাঘৰ আতংকত ত্ৰস্তমান নাম-কামাখ্যা গাঁও, কামাখ্যা গাঁও আৰু সোনাৰী গাঁৱৰ ৰাইজৰ পৰামৰ্শ, সহায়-সহযোগ বিচাৰি বন বিভাগে মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অনুষ্ঠিত কৰে এখন ৰাজহুৱা সভা । এই সভাতে পশুধন নিধন হোৱা ১৩ গৰাকী ক্ষতিগ্ৰস্তক লোকক ক্ষতিপূৰণ প্ৰদান কৰে বিশ্ব বন্যপ্ৰাণী কোষে (WWF) ।