ETV Bharat / entertainment

চিকাৰ কৰিবলৈ ছবিগৃহত দৰ্শকৰ লানি নিছিগা ভিৰ - Zubeen Grag Film Sikaar

author img

By ETV Bharat Entertainment Team

Published : 2 hours ago

Sikaar Assamese Movie : আজিৰে পৰা ৰাজ্যৰ ছবিগৃহত চলিছে ‘চিকাৰ’ । বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ’ এল এল পি (ইণ্ডিয়া) ৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনে আজি প্ৰায় 60 টা ছবিগৃহত মুক্তি লাভ কৰিলে ।

film-sikaar-premiere-show-held-at-anuradha-cineplex-guwahati
নতুন অসমীয়া চিনেমা (ETV Bharat Assam)

গুৱাহাটী, 20 ছেপ্টেম্বৰ : আজি মুক্তি লাভ কৰিলে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ অভিনীত নতুন অসমীয়া ছবি ‘চিকাৰ’-এ । বিগ ফিল্মছ মিডিয়া আৰু ডীক্ৰেটিভ ষ্টুডিঅ' এল এল পি (ইণ্ডিয়া) ৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখন ৰাজ্যৰ প্ৰায়কেইটা ছবিগৃহতে মুক্তি লাভ কৰে ৷ ইয়াৰ লগতে নিৰ্মাতাই এসপ্তাহৰ পাছত বহিঃ ৰাজ্যৰ লগতে বিদেশতো ছবিখন মুক্তি দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে ।

প্ৰিমিয়াৰ শ্ব’ (ETV Bharat Assam)

জানিব পৰা অনুসৰি ৰাজ্যৰ 60 টা ছবিগৃহত 229 টা দর্শনী লাভ কৰিছে ছবিখনে । যি খবৰে উৎসাহিত কৰি তুলিছে সমূহ ‘চিকাৰ’ৰ পৰিয়ালক ।

  • চিকাৰৰ প্ৰিমিয়াৰ শ্ব’

বৃহস্পতিবাৰে মহানগৰীৰ অনুৰাধা ছবিগৃহত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ । য’ত উপস্থিত থাকে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে চিকাৰৰ সমূহ কলা-কুশলী ।

অসমৰ চাহ উদ্যোগৰ অন্ধকাৰ দিশটো উন্মোচন কৰাৰ লগতে, অসমৰ চাহৰ জনপ্ৰিয়তা থকা স্বত্বেও উদ্যোগটোত কম মজুৰি, মহিলাৰ প্ৰতি অত্যাচাৰ আৰু শ্ৰমিকসকল অসহায়তাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ দৰে কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন । ছবিখনৰ 70% শ্বুটিং লণ্ডনত কৰা হৈছে ।

অসমীয়া ছবিত অধিকাংশ বাহিৰৰ পটভূমি থকা এইখনেই হৈছে প্ৰথমখন অসমীয়া ছবি । ছবিখনৰ কাহিনী চিত্ৰনাট্য আৰু পৰিচালনা দেবাংকৰ বৰগোঁহাইৰ । ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে চেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্য । ছবিখনত এজন আদিবাসী ল’ৰা ‘শংকৰ’ৰ চৰিত্ৰত অভিনয় কৰিছে জুবিন গাৰ্গে ।

  • চিকাৰৰ কলা-কুশলী

ইফালে জুবিনৰ প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰিছে ধ্যানী মোহনে । লগতে আন আন চৰিত্ৰসমূহত অভিনয় কৰিছে আদিল হুছেইন, সিদ্ধাৰ্থ শৰ্মা, অন্তৰীক্ষ চহৰীয়া, যতীন খনিকৰ, সঞ্জীৱ বুঢ়াগোঁহাই, যতীন খনিকৰ, নীলা শইকীয়া, কৌশিক ভৰদ্বাজ, দেৱজিৎ দাস, সুবিল বাৰ্গ, কুশল কুমাৰ গগৈ, কৃষ্টি বৰা, লিপিকা বৰা, আদিতি গগৈ, শংখ প্ৰতীম, গুণীনৰ লগতে লণ্ডনৰ অভিনেতা পল অ' নীল, ফান্সৰ অভিনেতা মিৰকো কুইনী আৰু মুম্বাইৰ অভিনেতা প্ৰতীক দীক্ষিতে ।

লগতে পঢ়ক : চলচ্চিত্ৰপ্ৰেমীৰ বাবে ছেপ্টেম্বৰ মাহটোৱে লৈ আহিব মনোৰঞ্জনৰ টোপোলা - Upcoming Assamese Films

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.