ETV Bharat / state

৩৫ লাখ টকাৰ বিত্তীয় কেলেংকাৰীত অভিযুক্ত বিষয়াক নিলম্বন - Scam in Morigaon Zilla Parishad

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Financial scam : বিভাগীয় অনুমোদন নোহোৱাকৈয়ে মোকলাই দিয়া হৈছিল ধন । আৰ টি আইৰ তথ্যত মৰিগাঁও জিলা পৰিষদৰ বিত্তীয় কেলেংকাৰীৰ তথ্য় পোহৰলৈ অহাৰ পিচতেই পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে ল'লে সিদ্ধান্ত ।

Financial Scam in Morigaon Zilla Parishad
মৰিগাঁও জিলা পৰিষদৰ প্ৰাক্তন গাননিক (ETV Bharat Assam)

ধিং, ২০ ছেপ্টেম্বৰ : অৱশেষত নিলম্বিত হ'ল মৰিগাঁও জিলা পৰিষদৰ প্ৰাক্তন গাণনিক নৱকৃষ্ণ মহন্ত । ৩৫ লাখ টকাৰ বিত্তীয় কেলেংকাৰী সংঘটিত কৰা মৰিগাঁও জিলা পৰিষদৰ প্রাক্তন গাণনিক তথা বর্তমান যোৰহাট জিলা পৰিষদৰ কাৰ্যালয়ত কৰ্মৰত গাণনিক মৰিগাঁৱৰ নৱকৃষ্ণ মহন্তক পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আয়ুক্তই তৎকালে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰিছে ।

  • অনুমোদন নোহোৱাকৈয়ে মোকলাইছিল ধন

মৰিগাঁও জিলা পৰিষদৰ কাৰ্যালয়ৰ ভূমি সংলগ্ন মহলাটোৰ মেৰামতি আৰু ব্যৱহাৰৰ উপযোগী নামৰ ২০২২-২৩ বৰ্ষৰ আঁচনিৰ বাবদ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ পৰা ৩৫,৮২,১৭২ টকা আৱণ্টন দিয়া হৈছিল । এই বৃহৎ ধনৰাশিৰ প্ৰথম কিস্তিৰ ৮,৯৫,৫৪৩ টকা ২৩/৫/২০২৩ ত, দ্বিতীয় কিস্তিৰ ১৭,৯১,০৮৬ টকা ২৫/৫/২০২৩ ত আৰু তৃতীয় কিস্তিৰ ৮,৯৫,৫৪৩ টকা ২৩/১১/২০২৩ ত মোকলাই দিয়া হৈছিল । ইয়াৰে দ্বিতীয় আৰু তৃতীয় কিস্তিৰ ধন বিভাগীয় অনুমোদন নোহোৱাকৈয়ে মোকলাই দিয়া হৈছিল ।

Financial scam
বিত্তীয় কেলেংকাৰীত অভিযুক্ত বিষয়াক নিলম্বন (ETV Bharat Assam)
  • বিত্তীয় খেলিমেলি
    এই ঘটনা সম্পর্কত বিভাগীয় নির্দেশ মর্মে মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা এক তদন্ত চলোৱা হৈছিল । মৰিগাঁৱৰ জিলা আয়ুক্তই প্ৰেৰণ কৰা নং- চিএ/ ২১২১/৯৪৬ দিনাংক ৩১/৮/২০২৪ তদন্তৰ প্রতিবেদনত গাণনিকগৰাকীৰ বিৰুদ্ধে বিত্তীয় খেলিমেলিৰ বহু তথ্য লাভ কৰাত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ আয়ুক্ত জয় শিৱানীয়ে আদেশ নং- ৫৪৯৪১০/ডি এফ এ/৮৪৮১৬৫ যোগে চাকৰিৰ পৰা নিলম্বন কৰিছে ।
  • কনিষ্ঠ অভিযন্তাৰ চহী জালিয়াতি

উল্লেখযোগ্য যে জাগীৰোডৰ বদন শৰ্মা নামৰ এজন ব্যক্তিৰ আৰ টি আইৰ তথ্যত মৰিগাঁও জিলা পৰিষদৰ এই বিত্তীয় কেলেংকাৰীৰ যাৱতীয় তথ্য পোহৰলৈ অহাৰ পিচত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এক তদন্তৰ নিৰ্দেশ দিছিল । ইপিনে, এই কামটোৰ নিৰ্মাণৰ দায়িত্বত থকা কনিষ্ঠ অভিযন্তা ৰামপ্ৰসাদ শইকীয়াৰ চহী জালিয়াতি কৰিও ধন আত্মসাৎ কৰা হৈছিল বুলি কনিষ্ঠ অভিযন্তাগৰাকীয়ে মৰিগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছিল ।

সদৰ থানাৰ আৰক্ষীয়ে যোৱা ১৭ জুলাইত যাৱতীয় ফাইল জব্দ কৰিছিল । বৰ্তমান ধন আত্মসাৎ কৰাৰ তথ্য অনুসৰি আৰক্ষীৰ তদন্ত অব্যাহত আছে । গাণনিক বিষয়া নৱকৃষ্ণ মহন্ত ২০২৩ চনত নলবাৰী জিলা পৰিষদত বদলি হৈছিল যদিও তেওঁ জিলাখনৰ মৈৰাবাৰীতে থাকি যায় । জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক মেনেজ কৰি মৰিগাঁও জিলা পৰিষদত এটাচমেন্ট হিচাপে নিজৰ চকীলৈ ঘুৰি আহিছিল ।

লগতে পঢ়ক:শোণিতপুৰ জিলা আৰু সত্ৰৰ অতিৰিক্ত ন্যায়াধীশক নিলম্বন

মৃত হলৌ বান্দৰক ৰাজপথেৰে চোঁচৰাই নিয়া বনকৰ্মীক নিলম্বন

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ পৰা চামিম সৰকাৰক নিলম্বন - SHAMIM SORKAR SUSPENDED

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.