ETV Bharat / health

ইয়াৰবাডত গান শুনি ভাল পায় নেকি ? তেন্তে আপুনি ভুগিব পাৰে এই সমস্যাত - Earbuds Side Effects

author img

By ETV Bharat Health Team

Published : 2 hours ago

Earbuds Side Effects: বৰ্তমান সময়ত ৰাজপথত, ৰে’লত, অফিচত, বাছৰ ভিতৰত সকলোতে কাণত ইয়াৰবাড পিন্ধা মানুহ দেখিবলৈ পোৱা যাব । কিন্তু সকলো সময়তে ইয়াৰবাড ব্যৱহাৰ কৰাটো আপোনাৰ কাণ তথা শৰীৰৰ বাবে ভাল নহয় । ইয়াৰ ফলত কাণৰ ক্ষতি হোৱাই নহয় বৰঞ্চ আপুনি আপোনাৰ শ্ৰৱণ ক্ষমতাও হেৰুৱাব পাৰে । যদি আপোনাৰ মনত প্ৰশ্ন আহি আছে যে ই কাণৰ কেনেকৈ ক্ষতি কৰিব পাৰে তেন্তে পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন-

EARBUDS CAN CAUSE HEARING LOSS
ইয়াৰবাডত গান শুনি ভাল পায় নেকি ? তেন্তে আপুনি ভুগিব পাৰে এই সমস্যাত (ETV Bharat)

সঁচৰাচৰ দৈনন্দিন জীৱনত আমি ইয়াৰফোন খুব ব্যৱহাৰ কৰো ৷ গাড়ীত যাওতে, কাৰোবাৰ সৈতে কথা পতাৰ সময়ত ইয়াৰফোন নহ’লে বহুলোকে থাকিবই নোৱাৰে ৷ যেন লাহে লাহে ই এক অভ্যাসলৈ পৰিণত হৈছে ৷ আমাৰ মাজত এনে বহুলোক আছে যিয়ে খুব উচ্চ স্বৰত ইয়াৰফোনত গান শুনি ভাল পায় কিন্তু আপুনি জানেনে যে ইয়াৰ ফলত আপুনি চিৰদিনৰ বাবে আপোনাৰ শ্ৰৱণ শক্তি হেৰুৱাবও পাৰে ? শুনি হয়তো আচৰিত লাগিছে নহয়! কিন্তু বহু গৱেষণাত এটা প্ৰমাণিতও হৈছে যে যদি আমি খুব বেছি ভলিউম বঢ়াই গান শুনো বা কথা পাতো তেন্তে ই আমাৰ শ্ৰৱণ শক্তিক বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিব পাৰে ৷

গৱেষণা অনুসৰি ইয়াৰফোনত উচ্চস্বৰত সংগীত শুনিলে কাণৰ চুলিৰ কোষৰ(hair cells) ক্ষতি কৰিব পাৰে যাৰ ফলত আপুনি আপোনাৰ শ্ৰৱণ ক্ষমতা চিৰদিনৰ বাবে হেৰুৱাবও পাৰে ৷ লগতে টিনিটাছৰ(Tinnitus) সমস্যাও হ’ব পাৰে ৷

টিনিটাছ হ’লে সাধাৰণতে অনবৰতে কাণত শব্দ বাজি থকা, গুঞ্জন, কাণত ক্লিক কৰা শব্দই শুনিবলৈ পোৱা যায় ।

ইয়াৰফোনৰ অত্যধিক ব্যৱহাৰৰ ফলত শ্ৰৱণ ক্ষমতাৰ সমস্যা, সংক্ৰমণ আৰু কাণৰ বিষৰ সমস্যাই দেখা দিব পাৰে ৷ ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি তলত উল্লেখিত কিছুমান ব্যৱস্থা আপোনাৰ বাবে ফলপ্ৰসূ হ’ব পাৰে-

  1. ইয়াৰফোনত উচ্চস্বৰত সংগীত শুনিলে কাণৰ ড্ৰামৰ ক্ষতি হয় আৰু লগতে শ্ৰৱণ ক্ষমতাও কমি যায় ৷ যদি আপুনি ইয়াৰফোন ব্যৱহাৰ কৰিছে তেন্তে গেজেটৰ ভলিউম মাত্ৰ ৪০ শতাংশহে ৰাখক ৷
  2. যদি আপুনি ইয়াৰফোন পিন্ধি ঘণ্টাৰ পিচত ঘণ্টা কাম কৰিবলগীয়া হয় তেন্তে প্ৰতি ঘণ্টাৰ পিচত ৫-১০ মিনিট আঁতৰাই কাণ দুখনক অলপ জিৰণি দিয়ক ৷

  3. আজিকালি ইয়াৰফোন কাণৰ গভীৰতালৈ যায়, যাৰ ফলত ইয়াক সঠিকভাৱে পৰিষ্কাৰ নকৰিলে সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে ৷ গতিকে ইয়াৰফোন ব্যৱহাৰ কৰাৰ পূৰ্বে চেনিটাইজাৰেৰে পৰিষ্কাৰ কৰিবলৈ নাপাহৰিব ৷
  4. অনলাইন মিটিঙত ইয়াৰফোনৰ সলনি হেডফোন ব্যৱহাৰ কৰক ৷ ইয়াৰ ফলত আপোনাৰ কাণ দুখনে সকাহ পাব আৰু সংক্ৰমণৰ কোনো সম্ভাৱনা নাথাকে৷
  5. যদি কামটো এনেকুৱা হয় যে অফিচৰ সময়ৰ পিচতো ফোনত কথা পতাটো প্ৰয়োজনীয় হয়, তেন্তে ইয়াৰফোন বা মোবাইল ফোন কাণত লৈ কথা পতাৰ সলনি মোবাইলটো স্পীকাৰত ৰাখি কথা পাতক ৷

  6. সদায় কেৱল ভাল কোম্পানীৰ ইয়াৰফোন ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক ৷ ইয়াৰ লগতে নিশ্চিত হওক যে ইয়াৰফোনৰ আকাৰ এনেকুৱা হোৱা উচিত যাতে ইয়াক পিন্ধিলে কাণত কোনো ধৰণৰ বিষ নহয় ৷
  7. ভ্ৰমণৰ সময়ত মানুহে হাল্লা-অতিপাত শব্দৰ পৰা হাত সাৰিবলৈ ইয়াৰফোনত উচ্চস্বৰত গান শুনিবলৈ আৰম্ভ কৰে ৷ ইয়াৰ ফলত বাহ্যিক শব্দৰ পৰা ৰক্ষা পৰে যদিও ইয়াৰফোনৰ জৰিয়তে ওচৰৰ শব্দই কাণৰ অধিক ক্ষতিসাধন কৰে ৷

https://www.ncbi.nlm.nih.gov/pmc/articles/PMC8772443/

লগতে পঢ়ক: Earphones Side Effects : আনৰ Earphones ব্যৱহাৰ কৰি শ্ৰৱণ শক্তি হেৰুৱালে এজন যুৱকে, আপুনিও বেলেগৰ Earphones ব্যৱহাৰ কৰে নেকি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.