ETV Bharat / sports

ফুটবলাৰ নে মাদক দ্ৰব্য সৰবৰাহকাৰী ! 6 কোটিৰো অধিক মূল্যৰ গাঞ্জাসহ গ্ৰেপ্তাৰ তাৰকা খেলুৱৈ - SMUGGLING OF MARIJUANA

CANNABIS : এগৰাকী তাৰকা খেলুৱৈৰ বিৰুদ্ধে উত্থাপিত হৈছে ড্ৰাগছৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগ ৷ পিছে পলমকৈ হ’লেও খেলুৱৈগৰাকী হাতে-লোটে ধৰা পৰিল প্ৰায় 6 কোটি 66 লাখ টকাৰ গাঞ্জাৰ সৈতে ৷ পঢ়ক সবিশেষ খবৰ...

SMUGGLING OF MARIJUANA
গাঞ্জাসহ গ্ৰেপ্তাৰ তাৰকা খেলুৱৈ (ETV Bharat)
author img

By ETV Bharat Sports Team

Published : Sep 20, 2024, 2:10 PM IST

স্প’ৰ্টছ ডেস্ক, 20 ছেপ্টেম্বৰ : নিষিদ্ধ দ্ৰব্য ড্ৰাগছৰ চোৰাং ব্যৱসায়ত জড়িত থকা এগৰাকী তাৰকা খেলুৱৈৰ কথা শেহতীয়াকৈ পোহৰলৈ আহিছে ৷ দীৰ্ঘদিনৰে পৰা ড্ৰাগছৰ ব্যৱসায়ত জড়িত থকা খেলুৱৈগৰাকী অৱশেষত হাতে-লোটে ধৰা পৰে ৷ বেংককৰ পৰা উভতি অহাৰ সময়তে ষ্টেনষ্টেড বিমানবন্দৰ কৰ্তৃপক্ষৰ হাতত ধৰা পৰে খেলুৱৈগৰাকী ৷

বিমানবন্দৰ কৰ্তৃপক্ষই খেলুৱৈগৰাকীক প্ৰথমে আটক কৰি জব্দ কৰে 6 লাখ পাউণ্ড (ভাৰতীয় হিচাপত প্ৰায় 6 কোটি 66 লাখ) মূল্যৰ গাঞ্জা ৷ বৃটেইনৰ সীমান্ত বাহিনীৰ এজেণ্টে ছুটকেছত লুকুৱাই অনা অৱস্থাত জব্দ কৰে গাঞ্জাখিনি ৷

চোৰাং গাঞ্জাৰ ব্যৱসায়ত লিপ্ত এই তাৰকা খেলুৱৈগৰাকী হৈছে আৰ্চেনালৰ প্ৰাক্তন খেলুৱৈ জে ইমানুৱেল থমাছ(33) ৷ গ্ৰীণক মৰ্টনৰ এই ষ্ট্ৰাইকাৰগৰাকীয়ে চলিত বছৰতে বিনামূলীয়া স্থানান্তৰ সূত্ৰে দলটোত যোগদান কৰিছিল ।

  • 60 কেজি গাঞ্জা সৰবৰাহৰ অভিযোগ

ৰাষ্ট্ৰীয় অপৰাধ শাখাৰ তথ্য অনুসৰি, খেলুৱৈগৰাকীয়ে দুটা ছুটকেছত কঢ়িয়াই আনিছিল প্ৰায় 60 কেজি গাঞ্জা ৷ থমাছক আটক কৰাৰ পিছত এন চি এ-ৰ এজেণ্টে ফুটবলাৰগৰাকীৰ বিৰুদ্ধে ‘বি’ শ্ৰেণীৰ পদাৰ্থ আমদানি কৰাৰ অভিযোগ উত্থাপন কৰে ৷ যিটোক পূৰ্বে প্ৰশিক্ষক আৰ্চেন ৱেংগাৰে ‘‘উৎকৃষ্ট মান’’ৰ বুলি অভিহিত কৰিছিল ।

এন চি এ-ৰ তথ্য অনুসৰি, ষ্টেনষ্টেড বিমানবন্দৰত ক্ৰমে 28 আৰু 32 বৰ্ষীয় দুগৰাকী মহিলাকো ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত আটক কৰা হৈছে । অৱশ্যে চেলমছফ’ৰ্ড মেজিষ্ট্ৰেট আদালতত হাজিৰ হোৱাৰ পিছত দুয়োগৰাকী মহিলাই জামিন লাভ কৰে ৷ 1 অক্টোবৰত চেলমছফ’ৰ্ড ক্রাউন ক’ৰ্টত হাজিৰ হোৱাৰ সম্ভাৱনা আছে মহিলা দুগৰাকী ।

8 বছৰ বয়সতে আৰ্চেনালৰ ডেভেলপমেণ্ট একাডেমীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ইমানুৱেল থমাছে ক্লাবদলত নিজকে প্ৰতিষ্ঠা কৰাত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ৷ কিন্তু 2010 চনত চেলছীৰ বিৰুদ্ধে তেওঁ আৰ্চেনালৰ হৈ প্ৰিমিয়াৰ লীগত অভিষেক ঘটায় । পৰৱৰ্তী সময়ত 2011 চনত ইপছৱিচ টাউনৰ সৈতে 11 লাখ পাউণ্ডৰ চুক্তিত স্বাক্ষৰ কৰে খেলুৱৈগৰাকীয়ে ৷

  • অভিযুক্তক কঠোৰ শাস্তি দিয়া উচিত

এন চি এ-ৰ শীৰ্ষ পৰিচালন বিষয়া ডেভিদ ফিলিপছে খেলুৱৈগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ আৰু বৰ্তমানৰ ড্ৰাগছ সৰবৰাহৰ সন্দৰ্ভত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া । তেওঁলোকৰ কাম হৈছে এই নিষিদ্ধ ব্যৱসায়ৰ সৈতে জড়িত দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰা ৷

লগতে পঢ়ক: 20 বছৰৰ বাবে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটত নিষিদ্ধ শ্ৰীলংকাৰ প্ৰাক্তন খেলুৱৈ - DULIP SAMARAWEERA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.