ETV Bharat / state

বৃহৎ প্ৰকল্পৰ জৰিয়তে কৰ্কট ৰোগ চিনাক্ত কৰা হ'ব এক কোটি মানুহৰ - CM HIMANTA BISWA SARMA

বিৰুবাৰীৰ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ত অ 'পি ডি সেৱা মুকলি । বৃহৎ প্ৰকল্পৰ ঘোষণা মুখ্যমন্ত্ৰীৰ ।

CM Himanta Biswa Sarma launches OPD service at Pragjyotishpur Medical College, Birubari
অ'পিডি সেৱা মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 1, 2025, 4:50 PM IST

গুৱাহাটী: কৰ্কট ৰোগক প্ৰাথমিক পৰ্যায়ত চিনাক্ত কৰাৰ বাবে অসম চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । এইক্ষেত্ৰত এক বিশেষ অভিযান আৰম্ভ কৰাৰ বাবে অসম চৰকাৰে হাতত লৈছে এক পদক্ষেপ । এই বৃহৎ প্ৰকল্পৰ জৰিয়তে অসমৰ প্ৰায় এক কোটি মানুহক সামৰি লোৱাৰ বাবে অসম চৰকাৰে সিদ্ধান্ত লৈছে ।

অহা দুবছৰৰ ভিতৰত এই প্ৰকল্পৰ জৰিয়তে কৰ্কট ৰোগক প্ৰাথমিক পৰ্যায়ত চিনাক্ত কৰাৰ বাবে এক কোটি মানুহক সামৰি লোৱাৰ বাবে সিদ্ধান্ত লোৱা হৈছে । শনিবাৰে এই প্ৰকল্প মুকলি কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে ।

অ' পি ডি সেৱা মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (ETV Bharat Assam)

গুৱাহাটীৰ বিৰুবাৰীত অসমৰ ১৪ সংখ্যক আৰু গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয় হাস্পতাল শনিবাৰে মুকলি কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, "টাটা ট্ৰাষ্ট ফাউণ্ডেশ্যনৰ সহযোগত অসম চৰকাৰে এই বৃহৎ প্ৰকল্পটো ৰূপায়ণ কৰিব ।

CM Himanta Biswa Sarma launches OPD service at Pragjyotishpur Medical College, Birubari
অ' পি ডি সেৱা মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (ETV Bharat Assam)

এই প্ৰকল্প ৰূপায়ণ কৰাৰ বাবে ইণ্ডাছ টাৱাৰে (ভাৰতী এয়াৰটেল গ্ৰুপ) অসম চৰকাৰক তেওঁলোকৰ চি এছ আৰ ফাণ্ডৰ জৰিয়তে ২ কোটি ৪৩ লাখ টকা আগবঢ়াইছে । এইক্ষেত্ৰত ইণ্ডাছ টাৱাৰে (ভাৰতী এয়াৰটেল গ্ৰুপ) অসম চৰকাৰৰ সৈতে এক বুজাবুজিৰ চুক্তি সম্পাদিত কৰিছে ।"

গুৱাহাটীৰ দ্বিতীয় চিকিৎসা মহাবিদ্যালয় হিচাপে পৰিগণিত বিৰুবাৰীৰ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ত অ' পি ডি সেৱা মুকলি কৰি ড৹ শৰ্মাই কয়, "এই হাস্পতালখন ৫০৫ খন বিচনাযুক্ত কৰা হৈছে । এই হাস্পতালখনৰ লগত থকা যক্ষ্মা হাস্পতালখন গুৱাহাটীৰ অন্য ঠাইলৈ স্থানান্তৰিত কৰিব পাৰিলে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অতিৰিক্ত ১৫০ খন বিচনা বৃদ্ধি কৰিব পৰা যাব । এইক্ষেত্ৰত চৰকাৰে চিন্তা চৰ্চা কৰি আছে ।"

প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ত অ 'পি ডি সেৱা মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)

তেওঁ লগতে কয়, "নেশ্যনেল মেডিকেল কাউঞ্চিলৰ পৰা স্বীকৃতি লাভ কৰিলে প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ত ১০০ টা এম বি বি এছৰ আসনৰ পাঠ্যক্ৰম কৰা হ'ব । মহাবিদ্যালয়খনত ছাত্ৰীৰ বাবে ২৫০ খন আসন আৰু ছাত্ৰৰ বাবে ১০০ খন আসন থকা আবাসৰ ব্যৱস্থা কৰা হৈছে । এই প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়খন ৪৯৬ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে ।" মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত অসমৰ ১৪ খন চিকিৎসা মহাবিদ্যালয়ৰ ১০,৬০০ গৰাকী কৰ্মচাৰীৰ সকলো তথ্য, ছুটী, প্ৰশিক্ষণ আদিৰ বাবে প্ৰস্তুত কৰা এইচ আৰ এম এছ ছফ্টৱেৰৰ পৰ্টেল মুকলি কৰে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ জন্মবাৰ্ষিকী, কোনে কোনে জনালে শুভেচ্ছা ? - ASSAM CMS 56TH BIRTHDAY

নিশা ১২ বজাত কেক কাটি জন্মবাৰ্ষিকী উদযাপন মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - 56TH BIRTHDAY OF ASSAM CM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.