Wild elephant attack: তামুলপুৰত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন
🎬 Watch Now: Feature Video
Published : Sep 24, 2023, 12:42 PM IST
বাক্সা, ২৪ ছেপ্টেম্বৰ : নৱগঠিত তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ । জিলাখনৰ সীমান্ত অঞ্চলসমূহত প্ৰায় বনৰীয়া হাতী প্ৰৱেশ কৰি ঘৰ-দুৱাৰ ভাঙি পেলোৱাৰ লগতে খেতিপথাৰৰো বিস্তৰ ক্ষতি সাধন কৰে ৷ আনকি হাতীৰ আক্ৰমণত কেইবাজনো লোক ইতিমধ্যে নিহত হৈছে ।
আজি অৰ্থাৎ দেওবাৰে পুৱতি নিশাও তামুলপুৰ জিলাৰ বগাজুলি গৌজনফুৰিত এটা বনৰীয়া হাতী প্ৰৱেশ কৰি গাঁওখনত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে । ইপিনে বনৰীয়া হাতীটোক গঞা ৰাইজে খেদি পঠিয়াবলৈ চেষ্টা চলাওঁতে গাঁওখনৰে আচিনা বসুমতাৰী (৪৮) নামৰ এজন লোকক হাতীয়ে আক্ৰমণ কৰে ৷ ফলত হাতীৰ আক্ৰমণত নিহত হয় লোকজন ।
পৰৱৰ্তী পৰ্যায়ত ঘটনাস্থলীত বিটিচিৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীসহ কুমাৰীকাটা আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে দিহা কৰে ৷
লগতে পঢ়ক : Scam in embankment repairing: গৰাখহনীয়া প্ৰতিৰোধৰ কাম আধা কৰিয়েই ঠিকাদাৰ-অভিযন্তাই ভগালে ধনৰ অংশ !