কলিয়াবৰত বনৰীয়া ম'হৰ উপদ্ৰৱে বিপাঙত পেলাইছে ৰাইজক

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 1:40 PM IST

thumbnail

কলিয়াবৰ, ২৯ ডিচেম্বৰ: কলিয়াবৰত পুৱাই অঘটন । পথাৰত ঘাঁহ কাটিবলৈ যোৱাৰ অৱস্থাতে বনৰীয়া ম'হৰ আক্ৰমণত আহত এজন ব্যক্তি । এই ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ ফুলগুৰিত। ঘটনাত আহত লোকজনৰ নাম ক্ষেমৰাজ বাহাদুৰ ছেত্ৰী । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি এই বনৰীয়া ম'হটোৱে আক্ৰমণ কৰে ক্ষেমৰাজ বাহাদুৰ ছেত্ৰীক । আক্ৰমণত গুৰুতৰভাৱে আহত লোকজনক সংকটজনক অৱস্থাত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।  

উল্লেখ্য যে, যেন বন্যজন্তুৰ মুক্ত বিচৰণস্থলীলৈ পৰিণত হৈছে কলিয়াবৰৰ বিস্তীৰ্ণ অঞ্চল । বন্যহস্তীৰ শংকাত দিন পাৰ কৰি থকা কলিয়াবৰবাসীয়ে কেতিয়াবা যদি মুখামুখী হয় বনৰজাৰ আন কেতিয়াবা আকৌ এশিঙীয়া গঁড়ৰ সৈতে । বনৰীয়া ম'হৰ উপদ্ৰৱো কোনো নতুন কথা নহয় । কলিয়াবৰত বিগত সময়চোৱাত বনৰীয়া ম'হৰ আক্ৰমণত নিহত হৈছিল তিনিজনকৈ লোক । বনৰীয়া ম'হকেইটা খেদি পঠোৱাৰ ক্ষেত্ৰত বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিয়োগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে । 

লগতে পঢ়ক: মাতৃহত্যা ঘটনাৰ তদন্তৰ বাবে মৰিয়নীত CID দল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.