thumbnail

By

Published : Jun 12, 2023, 10:59 AM IST

ETV Bharat / Videos

Firing in Chirang : চিৰাঙৰ গুলীচালনাৰ ঘটনাত আহত মহিলা

চিৰাং, 12 জুন : দেওবাৰৰ সন্ধিয়া চিৰাঙত গুলীচালনাৰ ঘটনা । দোকানৰ বাকী থকা ধন ঘূৰায় দিবলৈ কোৱাৰ বাবেই এই গুলীচালনাৰ ঘটনা সংঘটিত হয় বুলি জানিবলৈ পৰা গৈছে ৷ ঘটনা সন্দৰ্ভত জানিবলৈ পৰা মতে, ৰুনিখাতা থানাৰ অন্তৰ্গত ভূটান সীমান্তৰ খুংগ্ৰীং দৈগুদুং গাঁৱৰ বাসিন্দা আছাতি বসুমতাৰী নামৰ মহিলাগৰাকী দুৰ্বৃত্তৰ আক্ৰমণত আহত হৈছে (33) ৷ 

গুলীচালনা কৰা দুৰ্বৃত্তজনো একেখন গাঁৱৰে অজয় মুছাহাৰী বুলি জানিবলৈ পৰা গৈছে । মুছাহাৰীয়ে শূণ্য দূৰত্বৰ পৰা গুলীচালনা কৰা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷ বসুমতাৰীক গুলীওৱাৰ পূৰ্বে মুছাহাৰীয়ে শূণ্যত দুই জাই গুলী ফুটায় বুলি পৰিয়ালৰ লোকে উল্লেখ কৰে ৷ ইতিমধ্যে ৰুনিখাতা থানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুৰ্বৃত্তজনক ৷ গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ পিচতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, বিটিআৰ শান্তি চুক্তিৰ পিচতো অবৈধ অস্ত্ৰৰ সৰবৰাহ এতিয়াও অব্যাহত আছে বড়োভূমিত । আনফালে, শনিবাৰে এক প্ৰেছ বিবৃতি যোগে বড়ো লিবাৰেচন আৰ্মি নামৰ নতুন এক উগ্ৰপন্থী সংগঠনে আত্মপ্ৰকাশ কৰিছে বড়োভূমিত । 

লগতে পঢ়ক : BJP leader suspicious dead : গোৱালপাৰাত বিজেপি নেত্ৰী জোনালী নাথক হত্যা !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.