Road accident : ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত স্কৰপিঅ’ আৰু স্কুটীৰ সংঘৰ্ষত এজনৰ মৃত্যু - শোকাৱহ পথ দুৰ্ঘটনা
🎬 Watch Now: Feature Video


Published : Sep 22, 2023, 7:12 PM IST
লখিমপুৰ, ২২ ছেপ্টেম্বৰ : লখিমপুৰ জিলাৰ কাকৈ চাৰিআলিৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰে বিয়লি এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয় ৷ মৃত লোকজন দেবেন গগৈ (৫৫) বুলি জানিব পৰা গৈছে ৷ দেবেন গগৈৰ ঘৰ কদম এলেকাৰ ন ভঙনীয়াত ৷
ঘটনাৰ বিৱৰণী অনুসৰি, এএছ ০১ এ টি ৫৮৬৮ নম্বৰৰ স্কৰপিঅ’ আৰু বিপৰীত দিশৰ পৰা অহা এএছ ০৭ এছ ৪১১৩ নম্বৰৰ স্কুটীখনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ৷ ধেমাজি দিশৰ পৰা লখিমপুৰ লৈ আহি থকা স্কৰপিঅ’ খনে লখিমপুৰৰ পৰা বগীনদী দিশে গৈ থকা স্কুটীখনক সন্মুখৰ পৰা খুন্দা মাৰে। ফলত স্কুটি আৰোহী দেবেন গগৈ ছিটিকি পৰে। তেওঁক ততাতৈয়াকৈ বগীনদী চিকিৎসালয়লৈ নিয়া হয় যদিও অৱস্থা সংকটজনক হোৱাত তেওঁক লখিমপুৰ মেডিকেল কলেজ লৈ প্ৰেৰণ কৰা হয় ৷ যদিও চিকিৎসা প্ৰদানৰ পূৰ্বেই তেওঁৰ মৃত্যু হয়। আৰক্ষীয়ে দুৰ্ঘটনাস্থলীৰ পৰা দুৰ্ঘটনা সংঘটিত কৰা স্কৰপিঅ’খন জব্দ কৰি বগীনদী থানালৈ নিয়াৰ লগতে চালকজনকো আটক কৰে।
লগতে পঢ়ক: Tense situation in Nagaon: পাকিস্তানী সদৃশ পতাকাক লৈ নগাঁৱত উত্তপ্ত পৰিস্থিতি