thumbnail

Road Mishap: নতুন বাইক ক্ৰয় কৰি ঘৰ নাপালেহি সৰ্বেশ্বৰ; জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 4:03 PM IST

জোনাই, 17 ছেপ্টেম্বৰ: ধেমাজি জিলাৰ জোনাইত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ গেৰেজত কাম কৰি বিশ্বকৰ্মা পূজা উপলক্ষে শনিবাৰে এজন যুৱকে ক্ৰয় কৰি আনিছিল এখন নতুন মটৰ চাইকেল  ৷ কিন্তু নতুন মটৰ চাইকেল লৈ ঘৰ আহি নাপালে ৰতকে গাৱঁৰ সৰ্বেশ্বৰ পাংগিং নামৰ 20 বছৰীয়া যুৱকজন ৷

জানিব পৰামতে শনিবাৰে নিশা প্ৰায় 10.30 বজাত জোনাই বজাৰৰ পৰা এখন নতুন বাইক ক্ৰয় কৰি নিজ ঘৰলৈ উভতি অহাৰ সময়ত ৰতকেস্থিত 515 নং ৰাষ্ট্ৰীয় ঘাইপথত মটৰচাইকেলখন নিয়ন্ত্ৰণ হেৰুৱাই ঘৰৰ পৰা মাত্ৰ 100 মিটাৰ আঁতৰত থকা এজোপা গছত খুন্দা মাৰি মৃত্যুক আকোঁৱালি লয় সৰ্বেশ্বৰে ৷ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজনৰ মৃত্যুত সমগ্ৰ গাঁৱখনতে শোকৰ ছাঁ পৰিছে ৷ যুৱকজনৰ মৃতদেহ শনিবাৰে নিশা জোনাই অসামৰিক চিকিৎসালয়ত ৰখা হৈছিল যদিও মৰণোত্তৰ পৰীক্ষাৰ বাবে দেওবাৰে ধেমাজিলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: Sensational murder in Nalbari: খুড়াকে হত্যা কৰি জংঘলত পুতি থলে যুৱকক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.