সময়ৰ পৃষ্ঠাত মেলানি মাগিব আৰু এটা বছৰে, পাহৰণি গৰ্ভলৈ গতি কৰিছে গ্ৰীটিংছ কাৰ্ডে - পাহৰণি গৰ্ভলৈ গতি কৰে গ্ৰীটিংছ কাৰ্ডে

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 1:14 PM IST

নিউজ ডেস্ক, 24 ডিচেম্বৰ : পোৱা নোপোৱাৰ দোমোজাত মেলানি মাগিব 2023 ৷ কৰ্মব্যস্ততাৰ বাবে ডিজিটেল হ’ল শুভেচ্ছাবাণীও । ইয়াৰ মাজতে বৰ্তমান পাহৰণি গৰ্ভলৈ গতি কৰে গ্ৰীটিংছ কাৰ্ডে (Greeting Card) ! এসময়ত গ্ৰীটিংছ কাৰ্ড আছিল এক আৱেগ ।

নৱবৰ্ষৰ প্ৰথম দিনটোতেই আপোনজনলৈ বা নিজৰ বন্ধু-বান্ধৱী লৈ এখন গ্ৰীটিংছ কাৰ্ডৰ জৰিয়তে শুভেচ্ছা দিয়াটো আছিল এক সুকীয়া মাদকতা । নৱবৰ্ষৰ প্ৰাকক্ষণত বিপনীসমূহত দেখা পোৱা গৈছিল শাৰী শাৰী গ্ৰীটিংছ কাৰ্ড । কিন্তু লাহে লাহে পাহৰণিৰ গৰ্ভত গ্ৰীটিংছ কাৰ্ডবোৰ ।

যান্ত্ৰিকতাই কিমান কি কৰা নাই । যান্ত্ৰিকতাই যেন কাঢ়ি নিছে মানুহৰ মাজৰ ঐক্যতা । পুৰণিক বিদায় দি নতুন বছৰক আদৰিবলৈ সাজু হৈছে সকলো । আধুনিকতাৰ প্ৰৱল গ্ৰাসে ক্ৰমাৎ নোহোৱা কৰিলে গ্ৰীটিংছ কাৰ্ডৰ জনপ্ৰিয়তা । বৰ্তমান যুগত এই গ্ৰীটিংছ কাৰ্ডৰ মাদকতা নুবুজে নৱ প্ৰজন্মই ।

জন্ম হৈয়ে এই প্ৰজন্মই চলাবলৈ শিকিছে স্মাৰ্ট ফোন ৷ যান্ত্ৰিকতাৰ যুগত যেন লাহে লাহে সমন্বয়ৰ এনাজৰীডালো শিথিল হৈ গৈ আছে । মাজত আৰু কেইটামান দিন ৷ সময়ৰ পৃষ্ঠাত মেলানি মাগিব আৰু এটা বছৰে । পুৰণিক বিদায় দি নতুনৰ দিশে আগবাঢ়িছে এটা নতুন বছৰে ।

নতুন বছৰতো যাতে ভালদৰে যায়, তাৰেই শুভেচ্ছাৰে এটা সময়ত ভৰি পৰিছিল গ্ৰীটিংছ কাৰ্ডবোৰ । কিন্তু পূৰ্বতে বিচাৰি ভিৰ কৰা সেই গ্ৰীটিংছ কাৰ্ডসমূহ বিপনীত নিবিচৰা হ’ল গ্ৰাহকে । গ্ৰীটিংছ কাৰ্ডৰ বিপনীসমূহৰ বিক্ৰেতাসকলেও সেই গ্ৰীটিংছ কাৰ্ড বিক্ৰীৰ জীপাল অভিজ্ঞতাবোৰ এতিয়াও সোঁৱৰে ৷

লগতে পঢ়ক : Nostalgia Greeting Cards : সময়ৰ ধামখুমীয়াত মাথোঁ সোঁৱৰণী হৈ ৰ’ল গ্ৰীটিংছ কাৰ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.