Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ কৰিমগঞ্জত যুৱ কংগ্ৰেছ আৰু এনএছইউআইৰ তীব্ৰ প্ৰতিবাদ - Constituency Delimitation
🎬 Watch Now: Feature Video
কৰিমগঞ্জ, 23 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে কৰিমগঞ্জত যুৱ কংগ্ৰেছ আৰু এনএছইউআইৰ তীব্ৰ প্ৰতিবাদ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা আৰু মন্ত্ৰী অশোক সিংঘলৰ প্ৰতিমূৰ্তি দাহ ৷
সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ পাছতেই হুলস্থুলীয়া হৈ পৰিছে বৰাক উপত্যকাৰ ৰাজনীতি ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ মানি ল’বলৈ অস্বীকাৰ কৰিছে কংগ্ৰেছে ৷ শুকুৰবাৰে কৰিমগঞ্জত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অশোক সিংঘালৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছ আৰু এনএছইউআইয়ে ৷
শুকুৰবাৰে কৰিমগঞ্জ জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথত যুৱ কংগ্ৰেছ আৰু এনএছইউআই কৰ্মীয়ে প্ৰতিমূৰ্তি দাহ কৰে দুই মন্ত্ৰীৰ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে ৷