Poor Bridge in Udalguri: হাতৰ মুঠিত প্ৰাণ লৈ কালপানী নৈ পাৰ কৰিব লাগে পথাচাৰীয়ে; উন্নয়নৰ নগ্ন স্বৰূপ ! - In Udalguri due to lack of bridges

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 4:58 PM IST

ওদালগুৰি,10 ছেপ্টেম্বৰ: উন্নয়নে ঢুকি নোপোৱা অসমৰ এখন গাঁও ৷ দলঙৰ অভাৱত জমৰ যাতনা ভোগীব লগা হৈছে সাধাৰণ ৰাইজ ৷ ওদালগুৰি জিলাৰ কলাইগাঁ‌ও বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ চাবুকধৰা গাঁ‌ৱত অৱস্থিত কালপানী নৈৰ ওপৰত এখন দলঙৰ অভাৱত হাতৰ মুঠিত প্ৰাণ লৈ যাত্ৰা কৰিব লাগে ৰাইজে ৷ বিপদসংকূলভাৱে বাঁহৰ সাকুৰে নৈ পাৰ হৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ৷


যাৰ বাবে দুৰ্ভগীয়া ৰাইজে চাইকেলখনো কান্ধত লৈ নৈ পাৰ কৰিব লাগে ৷ আটেলিয়াৰ পৰা চাবুক ধৰা খৈৰাবাৰী সংযোগা পথেৰে দৈনিক শ শ লোক যাতায়ত কৰে ৷ কিন্তু স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰি থকাৰ সময়তে এয়া অসমৰ উন্নয়নৰ নমুনা ৷ ইফালে স্থানীয় লোকে পথ আৰু দলং নিৰ্মাণৰ বাবে জনপ্ৰতিনিধিক আৱেদন-নিবেদন কৰিও পোৱা নাই কোনো সুফল ৷ সেয়েহে বৰ্তমানৰ স্থানীয় বিধায়ক দুৰ্গাদাস বড়ো, পাৰিষদ ভৱেন বড়োক শীঘ্ৰেই পকী দলং নিৰ্মাণৰ বাবে দাবী কৰিলে ৰাইজে ৷

লগতে পঢ়ক:Poor Road in Udalguri: সমষ্টিবাসীলৈ পিঠি দিলে নেকি বিধানসভাৰ অধ্যক্ষই ! ৰাইজে নিৰ্মাণ কৰিলে পথ 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.