Nimati Afolamukh ferry service : পুনৰ আৰম্ভ হ’ল নিমাতি অফলামুখৰ ফেৰী সেৱা - ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ হ্ৰাস
🎬 Watch Now: Feature Video
মাজুলী, 31 মাৰ্চ : আজি হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ যাৰ বাবে আজি অৰ্থাৎ শুকুৰবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে অফলামুখ নিমাতিৰ মাজৰ ফেৰী সেৱা (Nimati Afolamukh ferry service resumes) ৷ ফলত শুকুৰবাৰে পুৱাই অফলামুখ-নিমাতি পাৰঘাটত বহু যাত্ৰীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷
উল্লেখ্য যে, বিগত কেবাদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ পাচত বৃদ্ধি পাইছিল ব্ৰহ্মপুত্ৰৰ জলস্তৰ (Ferry service closed due to heavy rain) আনকি ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছিল অফলামুখ পাৰঘটৰ তিনিটাকৈ ৰেম্প । যাৰ ফলশ্ৰুতিত বৃহস্পতিবাৰে আগবেলা কেৱল ৰ’পেক্স ফেৰী চলিছিল আৰু পিচবেলাও ঠিক একেদৰে এখন ফেৰী চলিছিল অফলামুখ আৰু নিমাতিৰ মাজত । বন্ধ আছিল আন সকলো ফেৰী (Nimati Afolamukh Ferry service closed due to heavy rain)৷।
কিন্তু শুকুৰবাৰে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে পুনৰ আৰম্ভ হৈছে অফলামুখ নিমাতিৰ মাজৰ ফেৰী সেৱা । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ লোকে ৷
লগতে পঢ়ক : Nimati Afolamukh ferry service: বন্ধ হ’ল নিমাতি অফলামুখ ফেৰী সেৱা