Nimati Afolamukh Ferry service: মাজুলী আৰু নিমাতীৰ মাজত বন্ধ গুটীয়া ফেৰী সেৱা; যাত্ৰী ভিৰ - ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 18, 2023, 11:29 AM IST

মাজুলী, 18 জুন : ৰাজ্যত কেইবাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছিল ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ । আজি ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও বৰ্তমানেও সুচল হোৱা নাই জলপৰিবহণ সেৱা ৷ কেৱল চৰকাৰী ফেৰীহে চলাচল কৰা পৰিলক্ষিত হৈছে মাজুলী আৰু নিমাতীঘাটৰ মাজত ।

তদুপৰি, ঘন কুঁৱলীয়ে অসুবিধাত পেলাইছে ফেৰী চালকসকলক ৷ কুঁৱলীৰ বাবে বৰ্তমান ফেৰী চলাচলত অসুবিধাৰ সন্মুখীন হোৱা বুলি জানিবলৈ পৰা গৈছে সংশ্লিষ্ট কৰ্মচাৰীসকলৰ পৰা । ইফালে প্ৰতিকূল বতৰকো নেওচি পাৰাপাৰ হ’বলৈ ঘাটত পৰিলক্ষিত হৈছে যাত্ৰীৰ ভিৰ ।

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুটীয়া ফেৰী বৰ্তমানো বন্ধ হৈ আছে অফলামুখ আৰু কমলাবাৰী ঘাটত । 

লগতে পঢ়ক : Fake Currency seized : যোৰাবাটত জব্দ বৃহৎ পৰিমাণৰ নকল নোট

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.